গুৱাহাটী,২১ মাৰ্চ : অসমৰ চৰকাৰী হাস্পতালসমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এমৰ অধীনত নিয়োজিত স্বাস্থ্য কৰ্মী আৰু কাৰিকৰী কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত চলাই অহা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই নিজেও তাৰ অংশীদাৰ হোৱাৰ অংগীকাৰ ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। আজি গুৱাহাটীৰ চচলত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাৰ বেনাৰত কৰ্মচাৰীসকলে অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ লুৰীণজ্যোতি গগৈয়ে কয়, "কৰ্মচাৰীসকলে যিসমূহৰ দাবীৰে আন্দোলন চলাই আহিছে, সেইকেইটা তেওঁলোকৰ ন্যায্য দাবী। এন এইচ এমৰ অধীনত কৰ্মৰত ২৬ সহস্ৰাধিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিম বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত চৰকাৰৰ দিনত তেওঁ যেতিয়া স্বাস্থ্য মন্ত্ৰী আছিল তেতিয়া প্ৰতিশ্ৰুতি দিছিল। কিন্তু পূৰ্বৰ চৰকাৰৰ দিনতটো নকৰিলেই নিজে মুখ্যমন্ত্ৰী হোৱাৰ পাছতো পূৰ্বে নিজে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সলনি উক্ত কৰ্মচাৰীসকল মেধাসম্পন্ন নহয় বুলি অসম বিধান সভাৰ চলিত বাজেট অধিৱেশনত সদনৰ মজিয়াত ওলোটাই তুচ্ছ-তাচ্ছিল্য কৰিলে। মুখ্যমন্ত্ৰীৰ এনে প্ৰতাৰণা আৰু অপমান গ্ৰহণীয় নহয়।"
তেওঁ লগতে কয়, "এন এইচ এমৰ কৰ্মচাৰীসকলৰ লগতে ঠিকাভিত্তিক টেট শিক্ষক তথা অন্যান্য অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰিলে সপ্তম দৰমহা আয়োগৰ নিৰিখত দৰমহা তথা অন্য সা-সুবিধাসমূহ প্ৰদান কৰাটো উচিত আছিল। কাৰণ একে পদত কাম কৰা স্থায়ী কৰ্মচাৰীসকলে উচ্চ নিৰিখত দৰমহা তথা অন্য সুযোগ-সুবিধাসমূহ পাই আহিছে।"
তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে অকল হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইট তথা নিজৰ মুখখন প্ৰচাৰ কৰিবলৈ বিজ্ঞাপনত যিমান টকা খৰচ কৰে সিমান টকাৰে উক্ত কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যখিনি আদায় দিব পৰা গ'লহেতেন।"
প্ৰতিবাদকাৰী পলিটেকনিক শিক্ষকৰ কাষত লুৰীণজ্যোতি গগৈ :
ইফালে অসমৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ সদ্য অব্যাহতি প্ৰাপ্ত অংশকালীন অধ্যাপকসকলে তেওঁলোকৰ চাকৰি পুনৰ বাহাল কৰাৰ দাবীত গুৱাহাটীৰ চচলত চলাই যোৱা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটস্থলীতো উপস্থিত হয় লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলৰ এটা প্ৰতিনিধি গোট। এই অধ্যাপকসকলে অসম চৰকাৰক তেওঁলোকৰ চাকৰি পুনৰ বহাল কৰাৰ লগতে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত বিগত এমাহ ধৰি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিছে। আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত যোৱা প্ৰতিনিধি গোটে প্ৰতিবাদ কৰি থকা অধ্যাপকসকলৰ সমস্যাৰ বুজ লয়। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উক্ত শিক্ষকসকলৰ সৈতে এনে প্ৰতাৰণামূলক আচৰণ কৰাটো উচিত হোৱা নাই। কাৰণ অস্থায়ীভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাৰ বহু উদাহৰণ আছে। এইসকল শিক্ষকক যি সময়ত চাকৰি প্ৰদান কৰা হৈছিল তেতিয়া ৰাজ্যৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেতিয়া তেওঁলোকক স্থায়ীভাৱে নিযুক্তি নিদি অস্থায়ী কৰি ৰখাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মায়েই ল'ব লাগিব ৷ তেতিয়াই এওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ’লে এতিয়া এই সমস্যাটোৰ সৃষ্টি নহ’লহেতেন ৷ তেতিয়াই যিহেতু এওঁলোকে পৰীক্ষা দিয়েই চাকৰি পাইছিল, গতিকে তেওঁলোকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাটো চৰকাৰৰ দায়িত্ব।"
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন অসম জাতীয় পৰিষদৰ :
অসমৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিও ৰাজ্য চৰকাৰে সেয়া পূৰণ নকৰাটোক দুৰ্ভাগ্যজনক আখ্যা দিছে অসম জাতীয় পৰিষদে। সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি গোটে আজি গুৱাহাটীৰ চচলত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদস্থলিত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয়। সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে আগবঢ়োৱা বাজেট ভাষণত অংগণৱাড়ী কৰ্মী আৰু সহায়িকা সকলৰ মাননি বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু বিধানসভাত দাখিল কৰা বাজেট প্ৰস্তাৱত মাননি বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া নাই। এয়া চৰকাৰৰ প্ৰতাৰণামূলক কাৰচাজি। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকে ২০২৩ চনৰ ১২ অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত এইবুলি প্ৰস্তাৱ দিছিল যে অংগনৱাড়ী কৰ্মীৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ বৰ্তমানৰ দুহেজাৰ টকাৰ ঠাইত ৫৫০০ টকা, অংগনৱাড়ী সহায়িকাৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ ১০০০ টকাৰ ঠাইত ২৭৫০ টকা আৰু মিনি ৱৰ্কাৰৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ ১২৫০ টকাৰ ঠাইত ৩৪৫০ টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে এই সন্দৰ্ভত একো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক।" এই দাবীৰে অংগনৱাড়ী কৰ্মী-সমৰ্থকসকলে চলোৱা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই তেওঁ কয়, "চৰকাৰে উল্লিখিত দাবী পূৰণ নকৰালৈকে কৰ্মী-সহায়িকাসকলৰ সকলো গণতান্ত্ৰিক আন্দোলনত অসম জাতীয় পৰিষদে সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব।"


0 Comments:
Post a Comment