গুৱাহাটী,২৩ মাৰ্চ : গুৱাহাটী শীঘ্ৰেই হৈ পৰিব টেষ্ট মেচৰ ভেন্যু। গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এৰ ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ হ’ব বৰ্ষাপাৰাত। অহা ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীত হ’ব টেষ্ট মেচ। দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই। তেওঁ কয়, "যোৱাকালি অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন হৈছে। অসমত কেতিয়াও ক্ৰিকেটৰ ৱৰ্ল্ড কাপৰ খেল হোৱা নাছিল আৰু টেষ্ট খেলা হোৱা নাছিল। কালি বি চি চি আইৰ কাউন্সিলৰ মিটিঙত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক বছৰত ভাৰতত হ'বলগীয়া খেলসমূহৰ ওপৰত আলোচনা কৰা হয় আৰু তাৰ বাবে কিছুমান খেলৰ ভেন্যু ঠিক কৰা হয়। ভেন্যুৰ সমূহৰ ঘোষণা দুই-এদিনতে হ'ব। কিন্তু তাৰ পূৰ্বে এটা কথা ক'ব বিচাৰো যে অসমৰ বাবে ভাল খবৰ আছে। এইবছৰৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ দলটো অসমলৈ আহিব। তেওঁলোকৰ ভাৰত ভ্ৰমণ আছে আৰু ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোকে দুখন টেষ্ট মেচ খেলিব, পাঁচখন টি টুৱেণ্টি আৰু তিনিখন অ' ডি আই মেচ খেলিব। টেষ্ট মেচৰ দ্বিতীয়খন খেল ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ হ'ব আৰু সেইখন এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগে টেষ্ট খেলৰ মানচিত্রত এই ষ্টেডিয়াম অন্তৰ্ভূক্ত হ'ব। এই প্ৰক্ৰিয়াটো ২০১৯ চনতে আৰম্ভ হৈছিল আৰু সেই সময়ত মই অসম ক্ৰিকেট সন্থাৰ সম্পাদক আছিলো। তেতিয়াই মই এখন চিঠি দিছিলো আৰু সেই চিঠিখনৰ ওপৰত বিভিন্ন সময়ত আলোচনা হৈছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্রণ পৰিষদ আৰু আই চি চি পৰ্যায়টো আলোচনা হৈ আছিল। ২০১৯ চনৰ পৰা চলা প্ৰক্ৰিয়াটোৰ কালি এটা সিদ্ধান্তৰে সফল সামৰণি হ'ল।" তেওঁ লগতে কয়, "অসমৰ বাবে আৰু এটা ভাল খবৰ আছে। অসমে কেতিয়াও ক্ৰিকেটৰ বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা নাছিল। যোৱা বছৰ চাৰিখন ৱাৰ্মআপ খেল অনুষ্ঠিত হৈছিল। এইবছৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰতত মহিলাৰ বিশ্বকাপ খেল হ'বলৈ গৈ আছে। সেই খেলৰ বাবে ভাৰতত পাঁচটা স্থান নিৰ্বাচিত কৰা হৈছে। অসমৰ বাবে ভাল খবৰ যে এই পাঁচটা ভেন্যুত গুৱাহাটী নিৰ্বাচিত হৈছে। যাৰ ফলত প্ৰায় ৩১খন খেলৰ ভিতৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৫ ৰ পৰা ৬ খন খেল অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বাবে ভাল খবৰ যে এইবছৰ টেষ্ট মেচৰ লগতে আই চি চিৰ মহিলা বিশ্বকাপ খেলো অনুষ্ঠিত হ'ব। গুৱাহাটীত টেষ্ট মেচ আৰু মহিলা বিশ্বকাপৰ কমেও পাঁচখন খেল পোৱাৰ ক্ষেত্রত অসমবাসীৰ হৈ আই চি চিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনাইছো। তেওঁৰ সহযোগীতাৰ বাবে এইটো সক্ষম হৈছে।"
প্ৰথম বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ আৰু মহিলা বিশ্বকাপৰ খেল

0 Comments:
Post a Comment