বিধানসভালৈ জেউৰা-জপনালৈ লৈ সদনলৈ আহিল এ ইউ আই ডি এফ দলৰ বিধায়ক


গুৱাহাটী,২৪ মাৰ্চ : বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ বিধানসভালৈ আহিল বিৰোধী। হাতত প্লে’ কাৰ্ড লৈ ক’লা বস্ত্ৰ পৰিধান কৰি বিৰোধীয়ে উত্তাল কৰিলে সদন। বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ কংগ্ৰেছৰ। হাতত বেনাৰ-পোষ্টাৰ লৈ বিধানসভা চৌহদত কংগ্ৰেছৰ বিধায়িনী দলৰ প্ৰতিবাদ। লগতে ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। ইফালে সুৰক্ষা বিচাৰি তথা ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডৰ বিৰোধিতাৰে জেউৰা-জপনালৈ লৈ সদনলৈ আহিল এ ইউ আই ডি এফ দলৰ বিধায়ক। উল্লেখ যে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ শুকুৰবাৰে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰিছিল অভব্য আচৰণ ৷ বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে উত্তাল কৰে সদন। ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতাৰে ন্যায় বিচাৰি ক'লা পোছাক পৰিধান কৰি সোমবাৰে হাতে হাতে প্লে’কাৰ্ড লৈ সদনলৈ আহিল কংগ্ৰেছ বিধায়ক ৷ লগতে বিৰোধীয়ে উত্তাল কৰে বিধানসভাৰ মজিয়া । বিৰোধী কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে বিধানসভাৰ মাৰ্চেলে বাধা প্ৰদান কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কে বিধানসভা চৌহদৰ ভিতৰত সমবেত হৈ বিধায়ক কুৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা নকৰাৰ বাবে সমালোচনাত মুখৰ হৈ পৰে বিৰোধীৰ দলপতিগৰাকী। বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, “শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ অসম বিধানসভাত শুকুৰবাৰে চোঁচা মাৰি অহাৰ ঘটনাৰ বিৰুদ্ধে ন্যায় বিচাৰি আমাৰ এই প্ৰতিবাদ । সদনৰ মৰ্যাদা ৰক্ষাৰ বাবে আমি দাবী জনাইছো । অসমত এয়া এক নজিৰবিহীন ঘটনা আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো।"  ইফালে ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ এ আই ইউ ডিএ ফে সোমবাৰে বিধানসভা চৌহদত কৰে এক অভিনৱ প্ৰতিবাদ । হাতত জেউৰা-জপনা লৈ ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদ কৰে এ আই ইউ ডি এফে। এই প্ৰতিবাদক লৈ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন কয়, “বিধানসভাত বিজেপিৰ বিধায়কসকলৰ ওচৰত আমাৰ বিৰুদ্ধে বিধায়কসকল মুঠেই সুৰক্ষিত নহয় । বিধানসভাত বিজেপিৰ বিধায়কে নিজৰ আসনৰ পৰা উঠি আহি অভব্য আচৰণ কৰিছে ৷ সেয়ে আমি নিজৰ সুৰক্ষাৰ কথা নিজে চিন্তা কৰাৰ বাহিৰে বিকল্প একো নাই ।’’' এ আই ইউ ডি এফৰ বিধায়ক তথা জ্যেষ্ঠ নেতা ৰফিকুল ইছলামে বিধানসভা চৌহদত জেউৰা-জপনা লৈ কৰা প্ৰতিবাদৰ ব্যাখ্যা আগবঢ়ালে এইদৰে, “সদনত বিজেপিৰ বিধায়কৰ কাণ্ডক লৈ আমি উদ্বিগ্ন । তেওঁলোকে নিজৰ আসনৰ পৰা উঠি আহি বিৰোধী সদস্যক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ৷ আনহাতে সদনৰ অধ্যক্ষই আমাক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে । সেয়ে আমি নিজৰ চিন্তা নিজে কৰিবলৈ বাধ্য হৈছো । সাম্ভাব্য আক্ৰমণৰ পৰা নিজকে সুৰক্ষা দিবলৈ আমি এই বাঁহৰ জেউৰা বনাই আনিছো।” 

আনহাতে বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে অধ্যক্ষ দৈমাৰীয়ে দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে।

ইফালে সদনৰ মজিয়াত বিৰোধীৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ এ আই ইউ ডি এফে জেউৰা-জপনা লৈ অহা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্রীয়ে কয়, "বিধানসভাখন আলোচনাৰ স্থান, দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰতিবাদ কৰা স্থান নহয় । বিৰোধীয়ে ক’লা কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছে সেয়া গ্ৰহণযোগ্য ৷ কিন্তু বাঁহৰ জেউৰাৰ দৰে বস্তু সদনলৈ অনাটো গ্ৰহণযোগ্য নহয়। এই কাৰ্যই কেৱল নিজৰ ভাবমূৰ্তিৰ ক্ষতিহে কৰে । এনে কাৰ্যৰ আমি বিৰোধিতা কৰো ৷ ইয়াৰ দ্বাৰা সদনৰ পৰা এক বেয়া বাৰ্তা প্ৰেৰণ হ’ব পাৰে।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment