বিধানসভা চৌহদত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ



গুৱাহাটী,২৫ মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনাও বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ। সোমবাৰে জেওৰা-জপনা লৈ বিধানসভালৈ আহি এ আই ইউ ডি এফ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি অসম চৰকাৰে লোৱা ঋণৰ বোজা লৈ বিধানসভালৈ আহিল কংগ্ৰেছ। কংগ্ৰেছৰ বিধায়কসকলে মূৰৰ ওপৰত ঋণৰ বোজা লৈ বিধানসভালৈ আহিব বিচাৰে যদিও প্ৰৱেশ গেটত বাধা প্ৰদান কৰা হয়। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন। আজিৰ দিনটোত ব্যতিক্ৰমী ৰূপত কংগ্ৰেছৰ বিধায়কসকলে বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ বিধায়ক সকলে ঋণৰ বোজা মূৰত লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভালৈ প্ৰৱেশত কংগ্ৰেছৰ বিধায়কসকল বাধা প্ৰদান কৰা হয়। নিৰাপত্তাৰক্ষীয়ে সোমোৱাত বাধা প্ৰদান কৰে। কংগ্ৰেছৰ বিধায়ক সকলে মূৰত ক’লা ৰঙৰ টোপোলা লৈ অসম চৰকাৰে ঋণৰ ওপৰত ঋণ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায়। ঋণমুক্ত অসমৰ দাবীত কংগ্ৰেছী বিধায়কৰ এইদৰে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ নেতৃত্ব দিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "১০ বছৰ আগত ৰাজ্যখনৰ জনমূৰি ঋণ আছিল ১০,৭৬০ টকা। কিন্তু বিজেপিৰ বিগত ৯ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণৰ ৪৭,৩২৪ টকা হৈছে। ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি আমি মূৰত ঋণৰ টোপোলা লৈ প্ৰতিবাদ কৰিছো।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment