গুৱাহাটী,২৫ মাৰ্চ : বিহুৰ পূৰ্বে ৰাজ্যবাসীৰ বাব ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা। পহিলা এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ। বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সাধাৰণ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য এই নিৰিখি। বাকী সকলোধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটতত হ্ৰাস পাব ২৫ পইচাকৈ। অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই এই কথা জানিবলৈ দিয়ে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো জীৱন ধাৰা আৰু ঘৰুৱা উপভোক্তাৰ বাবে বিদ্যুতৰ শুল্ক প্রতি ইউনিটত ১ টকাকৈ হ্ৰাস কৰা হ'ব। এই শুল্ক হ্রাসে গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পূর্বেই অতি প্ৰয়োজনীয় সকাহ প্ৰদান কৰিব। উল্লেখ্য যে কৃষি, ঔদ্যোগিক আৰু বাণিজ্যিক শুল্ক প্রতি ইউনিটত ২৫ পইচাকৈ হ্ৰাস কৰা হ'ব। উল্লেখ্য যে সোমবাৰে অসম বিধানসভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কক্ষত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে এক বৈঠকত মিলিত হৈছিল। সেই বৈঠকত অহা বিত্তীয় বৰ্ষৰ পৰা ঘৰুৱা গ্ৰাহকৰ বাবে বিদ্যুৎ শুল্ক হ্ৰাস সম্পৰ্কে কৰা বাজেট ঘোষণাৰ দিশটো সন্দৰ্ভত আলোচনা কৰা হৈছিল। মুখ্যমন্ত্রীৰে হোৱা বৈঠকত পাছতে আজি অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ মাছুল হ্ৰাস কৰি নতুন নিৰিখ নিৰ্ধাৰণ কৰে।
বিদ্যুৎ মাচুল : পহিলা এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত এটকা হ্ৰাস

%20(6).jpeg)
0 Comments:
Post a Comment