গুৱাহাটী,২৬ মাৰ্চ : দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ গৈ বিপদত পৰিছে এগৰাকী সাংবাদিক। এপেক্স বেংকত সংঘটিত হৈ থকা কেলংকাৰী তথা অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে জেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰ। প্ৰশ্ন কৰাৰ বাবেই পানবজাৰ থানাত আৱদ্ধ কৰি ৰাখি প্ৰায় ১০ ঘণ্টা পাছত গ্ৰেপ্তাৰ কৰা হয় সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক। উল্লেখ্য যে মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰচোৱাত সংঘটিত হৈ থকা অনিয়ম আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে। সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংক পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলোৱাৰ হুছেইনক আটক কৰে। দুপৰীয়াৰ পৰা পাণবজাৰ থানাতে সাংবাদিকগৰাকীক আৱদ্ধ কৰি ৰাখি নিশা প্ৰায় ১০ বজাত গ্ৰেপ্তাৰ কৰে। থানাত কাৰো সৈতে তেওঁক যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। আজি সাংবাদিকগৰাকীক আদালতত হাজিৰ কৰোৱা হয়। ইফালে সাংবাদিকগৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে বিভিন্ন দল-সংগঠনে। সকলোৱে শীঘ্ৰে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে।
ইফালে আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰাৰ ফলত উত্তপ্ত হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখ। আৰক্ষী আৰু প্ৰতিবাদীকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতি। সাংবাদিকৰ প্ৰতিবাদক আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। পাছত সাংবাদিকসকলে হাতে হাত ধৰি গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা পানবজাৰ থানালৈ সমদল কৰি যায়। ইফালে সংবাদিকগৰাকীক আদালতলৈ নিয়াৰ পাছত আদালতৰ সন্মূখতো সাংবাদিকসকল সমবেত হয়। প্ৰতিবাদৰ মাজতে জ্যেষ্ঠ সাংবাদিক, সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয়, "সাংবাদিকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে, তেওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়া উচিত। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনক ওপৰলৈ মাতি লৈ যোৱা হৈছিল আৰু পাছত ভুৱা গোচৰ জাপি দিয়া হৈছে। তেওঁ কেৱল এটা প্ৰশ্ন কৰিছিল। এই দেশত যদি সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাথাকে তেন্তে কাৰ থাকিব? দেশত যদি কোনেও প্ৰশ্ন কৰিব নোৱাৰে তেন্তে কোনে প্ৰশ্ন কৰিব? সাংবাদিকৰ বাবে সাংবাদিকেই মাত মাতিব লাগিব।" প্ৰতিবাদস্থলীত অসুস্থ দেহাৰেই উপস্থিত হোৱা ৰাজ্যৰ বিশিষ্ট বুদ্ধীজীৱি তথা শিক্ষাবিদ অপূৰ্ব বৰুৱাই ক্ষোভ উজাৰি কয়, "এই অসুৰৰ ৰাজ্যত কেৱল সাংবাদিক বুলিয়েই নহয়, আমিও জীয়াই থাকিব নোৱাৰিম।" উল্লেখ্য যে অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ অপৰাধত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰি পৰৱৰ্তী সময়ত অন্য এক গোচৰত গ্ৰেপ্তাৰ কৰাৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰো অধিবক্তা দিলোৱাৰ হুছেইনৰ বিৰোদ্ধে এগৰাকী জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি ভাৰতীয় ন্যায় সংহিতাৰ 351(2)/3(1)(R) আৰু Sheduled Cast and Sheduled Tribe (Prevention of Atrocities) Act 2015 SC ৰ অধীনত পাণবজাৰ আৰক্ষী থানাত ১১০/২০২৫ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। যাৰ আধাৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
বিনাচৰ্তে মুক্তিৰ দাবী 'আপকু'ৰ :
হাওৰাঘাট : সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনত সাংবাদিক নিগ্ৰহৰ ঘটনা আৰু কোনো নতুন কথা নহয়। তাৰেই পুনৰাবৃত্তি ঘটাই শেহতীয়াকৈ ঘটা অন্য এক ঘটনাই সম্প্ৰতি সমগ্ৰ সাংবাদিক মহলৰ ভিতৰচৰা জোঁকাৰি গৈছে। উল্লেখযোগ্য যে গুৱাহাটীৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক বেংকৰ পৰিচালন সঞ্চালকৰগৰাকীয়ে ভিতৰলৈ মাতি নি আৰক্ষীৰ দ্বাৰা ষড়যন্ত্ৰমূলকভাৱে আটক আৰু গ্ৰেপ্তাৰ কৰোৱা কাৰ্য তীব্ৰ গৰিহণাৰ যোগ্য । এই সন্দৰ্ভত 'আপকু' কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ছামছিং ক্ৰ' আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক অভিসন্ধিমূলকভাৱে আটক কৰা আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সাংবাদিকগৰাকীক বিনাচৰ্তে মুকলি কৰি দিবৰ বাবে ডিজিপি আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰীক আহ্বান জনায় । লগতে অনাগত দিনত এনে ধৰণৰ সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায়।


0 Comments:
Post a Comment