পুনৰ গ্ৰেপ্তাৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ


গুৱাহাটী,২৭ মাৰ্চ : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আজি পাণবজাৰ আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১১১/২৫ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৩২৯/ ৩২৪ (৪) / ৩৫১ (৩) / ৩০৯ (৪) / ১১৫ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ৩০৯ (৪) ধাৰা জামিন অযোগ্য ধাৰা। এই ধাৰাত দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাগাৰ হ’ব পাৰে। সাংবাদিকগৰাকীয়ে অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল। এগৰাকী অনুসূচীত জাতিৰ লোকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই গোচৰত তেওঁ বুধবাৰে জামিন লাভ কৰিলে যদিও আজি তেওঁক পুনৰ কাৰাগাৰৰ পৰাই পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে এপেক্স বেংক কৰ্তৃপক্ষই ডকাইতিৰ গোচৰ ৰুজু কৰিছে। অভিযোগ কৰিছে বেংকৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ লৈ পলায়ন চেষ্টা কৰিছিল দিলোৱাৰ মজুমদাৰ হুছেইনে। উল্লেখ্য যে ২৫ মাৰ্চত এপেক্স বেংকে পাণবজাৰ আৰক্ষীত দুখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে এখন এজাহাৰৰ কথাহে জনাইছিল। আনখন এজাহাৰৰ কথা লুকুৱাই ৰাখিছিল। সেই এজাহাৰৰ ভিত্তিতে আজি সাংবাদিকগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।


 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment