অৰুণাচলত আবদ্ধ লখিমপুৰৰ ১৭ শ্ৰমিকক উদ্ধাৰ আৰক্ষীৰ : চমজালে পৰিয়ালক


লখিমপুৰ,২৯ মাৰ্চ : অৰুণাচল প্ৰদেশত প্ৰায় এমাহৰো অধিক সময় ধৰি আবদ্ধ হৈ থকা লখিমপুৰৰ ১৭ গৰাকী শ্ৰমিকক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে যোৱা ১৮ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চাউলধোৱাৰ চিলিমপুৰৰ ১১ জনকৈ শ্ৰমজীৱি লোকক অৰুণাচল প্ৰদেশৰ নিমা তামাং নামৰ এজন লোকে অৰুণাচলৰ ৰূপা থানাৰ অন্তৰ্গত চিলিপম নামৰ ঠাইত আবদ্ধ কৰি ৰাখিছিল৷ এই শ্ৰমিকসকলক নিমা তামাঙে আবদ্ধ কৰি ৰখাই নহয় কোনো কাৰণত শাৰীৰিক নিৰ্যাতন চলাই ইয়াৰে কেবাজনকো আঘাতপ্ৰাপ্ত কৰে৷ মাৰধৰ কৰা শ্ৰমিকসকলৰ অন্যতম চুনু মানকি নামৰ শ্ৰমিকজনৰ হাত এখন ভাঙি যায় যদিও কোনোধৰণৰ চিকিৎসাৰ ব্যৱস্থা নকৰি পুনৰ কৃষি কৰ্মত বলপূৰ্বক নিয়োজিত হ’বলৈ বাধ্য কৰোৱা হৈছিল। এই বিষয়ে পৰিয়ালৰ সূত্ৰৰ পৰা প্ৰাপ্ত অভিযোগৰ ভিত্তিত বগীনদী আৰক্ষী আৰু চাউলধোৱা আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত চিলিপমত আবদ্ধ হৈ থকা ১১ জন শ্ৰমিকৰ উপৰি উক্ত এলেকাত কৰ্মৰত আন ৬ গৰাকী শ্ৰমিকসহ মুঠ ১৭ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰি আনি পৰিয়ালক গতাই দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment