উন্নয়ন বহনক্ষম নহ'লে পাছলৈ ক্ষতিকাৰক হ'ব : ৰাজ্যপাল ৰমেন ডেকা


 



গুৱাহাটী,৯ মাৰ্চ : "উন্নয়ন হ'ব লাগিব। কিন্তু সেই উন্নয়ন বহনক্ষম উন্নয়ন হ'ব লাগিব। অন্যথা তেনে উন্নয়ন ক্ষতিকাৰক হ'ব।" - এই মন্তব্য ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ। দেওবাৰে ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আসাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষৰ (ৰেৰা) সহযোগত আয়োজন কৰা 'এৰিডা ৰিয়েল ইষ্টেট এক্সপ' পৰিদৰ্শন কৰে। এক্সপ' পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যপালগৰাকীয়ে কয়, "বিল্ডাৰসকলৰ প্ৰতি মোৰ অনুৰোধ যাতে তেওঁলোকে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়ে। বিল্ডাৰসকলে তেওঁলোকৰ নিৰ্মাণকাৰ্যৰ কাষত থকা লোকসকলৰ কথাও চিন্তা কৰিব লাগিব। উন্নয়ন হ'ব লাগিব কিন্তু সেই উন্নয়ন বহনক্ষম হ'ব লাগিব। মানৱ সমাজ আৰু প্ৰকৃতিৰ মাজত সমতা নাথাকিলে পাছলৈ গৈ সেয়া ক্ষতিকাৰক হ'ব। উন্নয়নৰ পথত অহা যিকোনো সমস্যাই বিজ্ঞানসন্মতভাৱে সমাধান কৰিব পৰা যায়। প্ৰত্যাহ্বান থাকিবই। বিজ্ঞানে সকলো সমস্যাৰ সমাধান দিব।" ৰাজ্যপালগৰাকীয়ে লগতে কয় যে নিৰ্মাণখণ্ডত এৰিডাৰ বিশেষ যোগদান আছে আৰু বিল্ডাৰসকলৰো নেচন বিল্ডিঙত এক যোগদান আছে। ৰাজ্যপালগৰাকীয়ে এক্সপ' পৰিদৰ্শন কৰি অংশগ্ৰহণকাৰী সকলৰে বাৰ্তালাপ কৰে। 'এৰিডা'ৰ ফালৰ পৰা সভাপতি পি কে শৰ্মাই ৰাজ্যপাল ৰমেন ডেকাক উষ্ম আদৰণি জনায়। উল্লেখ্য যে ৭ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা 'এৰিডা ৰিয়েল ইষ্টেট এক্সপ'ৰ সোমবাৰে সামৰণি পৰিব। 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই জনোৱা মতে এক্সপ'খনে ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰিছে। ফ্লেট ক্ৰয় কৰিব বিচৰা সকলে ইয়াতে সকলো দিশ চালি-জাৰি চোৱাৰ সুবিধা লাভ কৰিছে। তদুপৰি ইয়াত কোনোধৰণৰ মধ্যভোগীৰ কথা নাই। ক্ৰেতাই প্ৰত্যক্ষভাৱে বিল্ডাৰসকলৰ সৈতে কথা পাতিব পাৰিছে। এক্সপ'ত মুঠ ১৩৫খন বিপণী আছে। দৈনিক হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা বুলি শৰ্মাই জানিবলৈ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment