সাহিত্য অকাদেমিৰ অনুবাদ সাহিত্যৰ বঁটা ঘোষণা
গুৱাহাটী,৭ মাৰ্চ : আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ অনুবাদ সাহিত্যৰ বঁটা। এই শিতানত অসমীয়া, বড়ো আৰু বাংলা ভাষাত অসমৰ তিনিগৰাকী সাহিত্যিকে ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে। 'Early History of Kamrupa'ৰ অসমীয়া অনুবাদ 'প্ৰাচীন কামৰূপৰ ইতিহাস'ৰ বাবে অঞ্জন শৰ্মাৰ, 'কাঞ্চন' উপন্যাসৰ বড়ো অনুবাদ 'कान्चन'ৰ বাবে উত্তৰা বসুমতাৰীৰ আৰু 'সাউদৰ পুতেক নাও মেলি যায়'ৰ বাংলা অনুবাদ 'সওদাগরের পুত্র নৌকা বেয়ে যায়'ৰ বাবে বাসুদেব দাসৰ নাম ঘোষণা কৰা হৈছে।

0 Comments:
Post a Comment