আজি দিল্লী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিব ড০ দিব্যজ্যোতি শইকীয়াই



নতুন দিল্লী,৮ মাৰ্চ : দিল্লী বিশ্ববিদ্যালয়ত আজি বিয়লি অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী চিন্তাবিদ, মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক বিগত পঁচিশ বছৰ ধৰি দেশ আৰু সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে প্ৰদান কৰা হ'ব ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ৰতন শ্ৰী সন্মান। এই অনুষ্ঠানতেই ড০ শইকীয়াৰ লগতে অষ্ট্ৰেলিয়া, ব্ৰিটেইন, শ্ৰীলংকা, ছিংগাপুৰ আদিৰ শিক্ষা, সমাজ সেৱা আদি বিভিন্ন ক্ষেত্রত উৎকৃষ্ট সেৱা আগবঢ়োৱা কেইবাজনো ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে পহিলা মাৰ্চৰ দিনা ইণ্ডিয়া ইন্টাৰনেছনেল চেণ্টাৰত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ (ভাৰত উইং) দ্বাৰা ড০ শইকীয়াক 'আন্তৰাষ্ট্ৰীয় উৎকৃষ্ট মানৱতা বঁটা' 'দিল্লী ৰতন সন্মান' প্ৰদান কৰা হৈছিল। আনহাতে দিল্লীৰ ভাৰতীয় সংবিধান সংঘত প্ৰদান কৰা হৈছিল শৌৰ্য সন্মান ২০২৫ বঁটা প্ৰদান কৰিছিল দেশৰ জ্যেষ্ঠ আদৰ্শবান ৰাজনীতিজ্ঞ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্মভূষণ হুকুমদেৱ নাৰায়ন যাদৱে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment