দিল্লী বিশ্ববিদ্যালয়ত ড০ দিব্যজ্যোতি শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ৰতন শ্ৰী বঁটাৰে সন্মানিত


গুৱাহাটী,৮ মাৰ্চ : বিশ্ব নাৰী দিৱসৰ দিনা আজি দিল্লী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান আৰু ডক্টৰেট ডিগ্ৰী প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী  চিন্তাবিদ, মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ৰতন শ্ৰী সন্মান-২০২৫ প্ৰদান কৰা হয়। বিগত পঁচিশ বছৰ ধৰি দেশ আৰু সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ লগতে অন্ধবিশ্বাসৰ নামত নিৰ্যাতনৰ সন্মূখীন হোৱা বহু মহিলাক সহায়ৰ হাত আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে ড০ শইকীয়াক এই বঁটাৰে সন্মানিত কৰা হয়। উক্ত অনুষ্ঠানত ড০ শইকীয়াৰ লগতে অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নেপাল, বাংলাদেশ আদি ৰাষ্ট্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক শিক্ষা, সমাজসেৱা আদি বিভিন্ন ক্ষেত্রত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে বঁটা প্ৰদান কৰা হয়। ছক্ৰেটিছ সামাজিক গৱেষণা বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণন। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন সেনা প্ৰধান প্ৰমোদ কুমাৰ চেহগল, মণ্টেগ্ৰিনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ড০ জানিচ দাৰবৰী, এছ চি ই আৰ টিৰ সহকাৰী সঞ্চালক ড০ নাহৰ সিংকে আদি কৰি দিল্লী বিশ্ববিদ্যালয়ৰ কেইগৰাকী অধ্যাপক। অনুষ্ঠানত ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। 

উল্লেখ্য যে ড০ দিব্যজ্যোতি শইকীয়াক পহিলা মাৰ্চৰ দিনা ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ (ভাৰত উইং) দ্বাৰা 'আন্তৰাষ্ট্ৰীয় উৎকৃষ্ট মানৱতা বঁটা' আৰু 'দিল্লী ৰতন সন্মান' প্ৰদান কৰা হৈছিল। আনহাতে দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত  প্ৰদান কৰা হৈছিল "শৌৰ্য সন্মান ২০২৫-বঁটা"। উক্ত বঁটা প্ৰদান কৰিছিল  দেশৰ জ্যেষ্ঠ আদৰ্শবান ৰাজনীতিক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্মভূষণ হুকুমদেৱ নাৰায়ন যাদৱে। লক্ষণীয় বিষয় যে দেশৰ প্ৰখ্যাত সংবাদ গোষ্ঠী নিউ ইণ্ডিয়ান এক্সপ্ৰেছে 'ওৱান মেন পিচ মিছন' উপাধি প্ৰদান কৰাৰ লগতে ইটিভি ভাৰতৰ দৰে সংবাদ মাধ্যমে ড০ দিব্যজ্যোতি শইকীয়াৰ সামাজিক আৰু মানৱাধিকাৰৰ উৎকৃষ্ট কৰ্মৰ ওপৰত এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment