প্ৰাৰ্থীত্বক লৈ দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা : ভূপেন বৰা
লখিমপুৰ,১২ এপ্ৰিল : লখিমপুৰৰ ৰাজীৱ ভৱনত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ প্ৰাৰ্থীত্বক লৈ দুৰ্নীতি কৰা কংগ্ৰেছ নেতা-কৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লোৱা হ'ব বুলি হুংকাৰ দিয়ে। তেওঁ কয় যে প্ৰমাণ হলে সাৰি নাযাব ডাঙৰ কোনো নেতা । প্ৰাৰ্থীত্ব কেন্দ্ৰিক অৰিয়া-অৰিৰ কথাই দলটোক অস্বস্তিত পেলোৱাৰ কথা ভূপেন বৰাই স্বীকাৰ কৰি কয় যে এই কথাই দলটোৰ ওপৰত মানুহৰ আস্থাৰ কথাকে সুচাইছে । প্ৰাৰ্থীত্ব দিয়াক লৈ টকা পইচাৰ লেনদেনৰ বিষয়টো পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰি প্ৰাৰ্থীত্ব পুনৰীক্ষণৰ পিছতেই এই ক্ষেত্ৰত পদক্ষেপ লোৱা হ'ব বুলি তেওঁ কয়। সাংসদ ৰকিবুল হুচেইন আৰু তেওঁৰ মাজত কোনো সংঘাত নাই বুলিও তেওঁ সদৰি কৰে। অসম আৰক্ষীৰ একাংশ বিষয়াই বিভিন্ন স্থানত বিজেপি দলৰ হৈ কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। আনহাতে এপেক্স বেংকৰ পৰা বিজেপিৰ বিধায়কে টকা লুণ্ঠন কৰি বহি থকা বিষয়ত মুখ্যমন্ত্ৰী মৌন হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই।

0 Comments:
Post a Comment