প্ৰতিবাদেৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ আপ মহিলা শক্তি


গুৱাহাটী,৩০ এপ্ৰিল : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ শাসনকালত মহিলাসকলে অসৎ পথেৰে চাকৰি লোৱা বুলি কৰা মন্তব্যৰ  প্ৰতিবাদত আজি আম আদমী পাৰ্টী (আপ) অসমৰ মহিলা শক্তিৰ সদস্যসকলে হাতত প্লেকাৰ্ড লৈ এক সজোৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত দলৰ উপ-সভাপতি অনুৰূপা ডেকাৰজাই মুখ্যমন্ত্ৰীৰ মন্তব্যক নাৰীৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে। উপ-সভাপতি অনুৰূপা ডেকাৰজাই প্ৰশ্ন কৰে, "কোন কোন মহিলাই সতীত্ব হেৰুৱাইছিল, মুখ্যমন্ত্ৰী মহোদয়? সেই সময়ত আপুনি কিয় মনে মনে আছিল? যদি জানিছিল, তেন্তে অপৰাধ দেখিও নীৰৱ থকাজনেহে বেছি দোষী।" ২০২১ চনত ধৰ্ষণৰ বলি অৰ্ণমা বৰাৰ নাম লৈ ভোট ভিক্ষাৰ পৰম্পৰাকো সোঁৱৰাই দি ডেকাৰজাই কয়, "মুখ্যমন্ত্ৰীয়ে ৰাজনীতিত জিকিবলৈ মা-ভনীৰ সতীত্বকো হেঁচা মাৰিছে। মহাভাৰতত যিদৰে দ্ৰৌপদীক পাশাখেলাৰ মোহৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল, আজিও নাৰীসকলক একেধৰণৰ ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে। ইতিহাসৰ পুনৰাবৃত্তি হৈছে। যিয়ে নাৰীক লৈ ৰাজনীতি কৰে, তাৰ পতন নিশ্চিত।" এই প্ৰতিবাদী কাৰ্যসূচীত দলৰ মহিলা শক্তিৰ উপ-সভানেত্ৰী অলকানন্দা ডেকা, বিমলা দেৱী আৰু অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰি নাৰীৰ সম্মান আৰু অধিকাৰৰ সপক্ষে জোৰদাৰ কণ্ঠদান কৰে। আম আদমী পাৰ্টীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপ্ৰাসংগিক আৰু নাৰীবিৰোধী মন্তব্যৰ বাবে স্পষ্টীকৰণ দাবী কৰিছে আৰু ৰাজনীতিত নাৰীসকলক অপমানজনক ভাষাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment