অসমৰ ১২খন জিলা আৰু ১২খন নদীৰ চৰ চাপৰিৰ বাবে দুটা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু এটা নাও চিকিৎসা ইউনিট



গুৱাহাটী,৩০ এপ্ৰিল : ৰাজ্যৰ ভিতৰুৱা অঞ্চলকে ধৰি চৰাঞ্চলত প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ভ্ৰাম্যমান চিকিৎস‍া সেৱা প্ৰযোজ্য কৰা হৈছে। এই পদক্ষেপ গ্ৰহণ কৰিছে এম এছ ডি ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডে স্মাইল ফাউণ্ডেশ্যনৰ সহযোগত। ইয়াৰ বাবে মুকলি কৰা হৈছে 'এম এছ ডি স্মাইল অন বট ক্লিনিক' আৰু 'এম এছ ডি স্মাইল অন হুইলছ মোবাইল মেডিকেল ইউনিট'। এই পদক্ষেপৰ লক্ষ্য হৈছে দৰং আৰু বৰপেটাকে ধৰি ১২খন জিলা আৰু দক্ষিণ শালমাৰাৰ ১২খন নদীৰ চৰ চাপৰিৰ অভাৱগ্ৰস্ত জনসাধাৰণলৈ পোনপটীয়াকৈ গুণগত স্বাস্থ্যসেৱা সেৱা আগবঢ়োৱা। দুটা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু এটা নাও ক্লিনিকৰে গঠিত এই কাৰ্যসূচীয়ে বছৰি ২৫ হাজাৰৰো অধিক হিতাধিকাৰীৰ কাষ চাপিব বুলি আশা কৰা হৈছে। প্ৰতিটো ইউনিটত থকা চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰী, নিদানমূলক সুবিধা আৰু পইণ্ট অৱ কেয়াৰ সেৱাই বিনামূলীয়াকৈ বহিঃৰোগীৰ পৰামৰ্শ (অ’পিডি) আৰু ঔষধ প্ৰদান কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰাথমিক স্বাস্থ্য সেৱাৰ উপলব্ধতা আৰু সুলভতা বৃদ্ধিৰ লগতে ব্যয়সাধ্যতা হ্ৰাস কৰা। ভ্ৰাম্যমাণ ইউনিটসমূহে প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উপৰি চৰ চাপৰিৰ লোকসমূহৰ মাজত মহিলাৰ স্বাস্থ্য, প্ৰতিষেধক, প্ৰসৱৰ আগৰ আৰু পিছৰ যত্নকে ধৰি মূল স্বাস্থ্য বিষয়সমূহৰ ওপৰত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিব। প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা পদ্ধতিৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ কাৰ্যসূচীও গ্ৰহণ  কৰা হব। তদুপৰি এই কাৰ্যসূচীয়ে প্ৰয়োজনত উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে  প্ৰয়োজনীয় উপদেশ বা যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব। এই সন্দৰ্ভত এম এছ ডি ইণ্ডিয়াৰ মাণ্ডলিক পৰিচালন সঞ্চালক ৰেহান এ খানে কয়, "স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত এম এছ ডি  ইণ্ডিয়াই বহু পূৰ্বৰ পৰাই কাম কৰি আহিছে। সমাজৰ অনগ্ৰসৰ লোকসকলৰ মাজত  অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে আমাৰ নিগমে সামাজিক দায়বদ্ধতা কাৰ্যসূচী সম্প্ৰসাৰণ কৰিবলৈ পাই আমি গৌৰৱান্বিত। এই কাৰ্যসূচীয়ে প্ৰতিৰোধমূলক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি, নিদানৰ হাৰ বৃদ্ধি, মাতৃৰ স্বাস্থ্য উন্নত কৰা আৰু শিশুৰ প্ৰতিষেধক প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব, যাৰ ফলত সমাজৰ সামগ্ৰিক স্বাস্থ্য উন্নত হ'ব।” 

আনহাতে স্মাইল ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী ট্ৰাষ্টী সান্তনু মিশ্ৰই কয়, “স্মাইল ফাউণ্ডেশ্যনৰ জৰিয়তে আমি সদায়েই সমাজৰ অভাৱগ্ৰস্ত লোক সকলৰ মাজত আমাৰ স্বাস্থ্য সেৱাৰ দৃষ্টিভংগী প্ৰক্ষেপ কৰি আহিছোঁ। বিগত বহু বছৰ ধৰি আমি এই দৃষ্টিভংগীৰেই সমাজৰ দুৰ্বল জনসাধাৰণৰ মাজত মান সম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাবে ব্ৰতী হৈ আহিছোঁ।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment