ইডিৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ


গুৱাহাটী,১৬ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে আজি অসমতো প্ৰদেশ কংগ্ৰেছে ইডিৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী শক্তিৰ মুখ বন্ধ কৰিবৰ বাবে বিজেপি চৰকাৰে কংগ্ৰেছ নেতৃত্বক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি আজি সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। নেশ্যনেল হেৰাল্ডৰ সম্পত্তি অধিগ্ৰহণ কৰিবলৈ ইডিয়ে যি ষড়যন্ত্ৰ ৰচিছে সেয়া সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ কৰে কংগ্ৰেছে। সমগ্ৰ দেশৰ লগতে অসমতো সাংবিধানিক ক্ষমতা থকা প্ৰতিষ্ঠান ইডিক বিজেপি চৰকাৰে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত গুৱাহাটীৰ ইডিৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। বিজেপি হায় হায়, ইডি মূৰ্দাবাদ, ভাৰতীয় সংবিধান ৰক্ষা কৰক, মোদী-অমিত শ্বাহৰ গুণ্ডাগিৰি নচলিব আদি ধ্বনিৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অহা কংগ্ৰেছ নেতা-কৰ্মীসকলে আকাশ-বতাহ মুখৰিত কৰি তোলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, তেলেংগানাৰ সাংসদ মাল্লু ৰবি, অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰা, কিৰিপ চলিহা, ৰাজেশ যোশী, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা, জ্যেষ্ঠ কংগ্ৰেছ নেতা বিপুল কুমাৰ গগৈ, গুণকান্ত গগৈ, নৱ তালুকদাৰ, হেপ্পী গগৈকে প্ৰমুখ্যে কৰি কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচীত আগভাগ লয়। দীৰ্ঘ সময় ধৰি ইডি কাৰ্যালয় ঘেৰাও কৰি ধৰ্ণা দি থকাৰ সময়ত আৰক্ষীয়ে প্ৰৱল বাধা দিয়ে আৰু কংগ্ৰেছ নেতৃত্বক বলপূৰ্বক বাছত উঠাই দশম অসম আৰক্ষী বেটেলিয়নৰ কেম্পলৈ লৈ গৈ আৱদ্ধ কৰি ৰাখে। আৰক্ষীৰ এই অগণতান্ত্ৰিক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে কংগ্ৰেছ দলে নীতি-আদৰ্শৰ ভিত্তিত সংবিধান সুৰক্ষাৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছে আৰু এই সংগ্ৰামক দেশৰ জনতাই মান্যতা প্ৰদান কৰিছে। আজি গোসাঁই বিহুৰ দিনটোতো শ শ লোক ৰাজপথলৈ ওলাই আহি ইডিক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰিবৰ বাবে প্ৰতিবাদ জনাইছে। বৰাই কয় যে সবকা সাথ, সবকা বিকাশ বুলি শ্ল’গান দিয়া বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নীতিক কংগ্ৰেছে উফৰাই পেলাবৰ বাবে এই যুঁজ আৰম্ভ কৰিছে। অসমৰ ৰাইজক ধন্যবাদ জনাই বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপি দল আৰু চৰকাৰৰ প্ৰৱঞ্চনাৰ উত্তৰ অসমৰ ৰাইজে সঠিকভাৱে দিব। সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাইয়ো বৰ্তমানৰ মোদী নেতৃত্বৰ চৰকাৰখনৰ নীতিক অগণতান্ত্ৰিক আৰু অসাংবিধানিক বুলি সমালোচনা কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে সাংবিধানিক ক্ষমতা থকা চিবিআই, ইডিৰ দৰে সংস্থাসমূহৰ ক্ষমতাক বৰ্তমানৰ চৰকাৰে অপব্যৱহাৰ কৰি বিৰোধীৰ মুখ বন্ধ কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে কেন্দ্ৰীয় চৰকাৰৰ এই অসাংবিধানিক নীতিক মষিমূৰ কৰি সংবিধান সুৰক্ষা কৰা হ’ব বুলি উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment