নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত ছোনিয়া-ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ
গুবাহাটী,১৭ এপ্ৰিলঃ নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ই ডিয়ে অভিযুক্ত কৰাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গান্ধী পৰিয়ালৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলা কৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেইবাশ নেতা-কৰ্মীয়ে কংগ্ৰেৰৰ বিৰুদ্ধে ধবনিৰে আকাশ- বতাহ উত্তাল কৰি তুলে। ‘ছোনিয়া গান্ধী মুৰ্দাবাদ’, 'ৰাহুল গান্ধী মুৰ্দাবাদ’ কংগ্ৰেছ মুৰ্দাবাদ’ ৰাহুল গান্ধী গ বেক’ আদি শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসৰ লগতে জিলা সভাপতি নিহাৰেন্দ্ৰ শৰ্মা, বিজেপিৰ জেষ্ঠ নেতা প্ৰণৱ লহকৰৰ লগতে বহু কেইগৰাকী নেতা-কৰ্মী। কংগ্ৰেছ শাসন কালত ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰা গান্ধী পৰিয়ালৰ লুন্ঠন দেশৰ সম্পত্তি ছোনিয়া গান্ধী ৰাহুল গান্ধীয়ে নিজৰ নামত কৰাৰ কাৰ্যক সমালোচনা কৰি ৰাজ্যিক সভাপতি ৰাকেশ দাসে ছোনিয়া গান্ধী-ৰাহুল গান্ধীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায়।

0 Comments:
Post a Comment