পঞ্চায়ত প্ৰাৰ্থীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজপথত নামিল কংগ্ৰেছ


গুৱাহাটী,১৭ এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনত বিজেপি দল আৰু চৰকাৰে গণতন্ত্ৰক ভেঙুচালি কৰাৰ অভিযোগ তুলি তাৰ বিৰুদ্ধে আজি প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰি আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ পদযাত্ৰা কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত আজি ৰাজীৱ ভৱনৰ পৰা খোজকাঢ়ি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ যাত্ৰা আৰম্ভ কৰে। আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমুখত বেৰিকেড দি সজাতী দলটোক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ বাধা ওফৰাই সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগু, দীপ বায়ন, ৰাতুল কলিতা, বেদব্ৰত বৰা, ৰফিকুল ইছলাম, ইমদাদ হুছেইনে আৰক্ষীৰ বেষ্টনী ভাঙি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ দিশে ধাৱমান হয়। কৰ্বত্যৰত আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ লগত সাংসদ প্ৰদ্যুৎ বৰদলৈক টেলিফোনত বাৰ্তালাপ কৰাৰ পিছত এটি সজাতী দল আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ গৈ আৰক্ষী মহাপৰিদৰ্শক (কমিউনিকেশ্যন)ৰ লগত এক বৈঠকত মিলিত হয় আৰু আৰক্ষীয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ প্ৰতিনিধিসকলক কেনেধৰণে অত্যাচাৰ কৰিছে সেই বিষয়ে বিতংভাৱে সভাপতি বৰা আৰু সাংসদ বৰদলৈয়ে ব্যাখ্যা আগবঢ়ায়। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও আৰু মৰিগাঁও জিলাত কংগ্ৰেছৰ পঞ্চায়ত প্ৰাৰ্থীসকলক আৰক্ষীয়ে বলপূৰ্বক উঠাই আনি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ হেঁচা প্ৰয়োগ কৰাৰ তথ্য দাখিল কৰে। কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ দত্তই আনকি মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰে। অকল নগাঁও, মৰিগাঁৱতেই নহয়, শোণিতপুৰ, দৰং, বিশ্বনাথ চাৰিআলি, নলবাৰী, বৰাক উপত্যকাত কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত আৰক্ষীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ তথ্য আৰক্ষী বিষয়াগৰাকীৰ ওচৰত দাখিল কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই স্পষ্টভাৱে কয় যে কংগ্ৰেছ দলে এতিয়া আৰক্ষীৰ লগত নিৰ্বাচন খেলিবলগীয়া হৈছে। গণতন্ত্ৰৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই বুলি উল্লেখ কৰি বৰাই কয় যে শাসক যন্ত্ৰৰ হাতত লাঠি, বন্দুক আৰু অশোক স্তম্ভ হৈছে। কংগ্ৰেছে এতিয়া দেশৰ সংবিধান, ইস্তাহাৰ আৰু আদৰ্শ লৈ বিজেপিৰ হৈ নিৰ্বাচন খেলা আৰক্ষীৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছে। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এয়া চৰম ভাবুকি বুলি উল্লেখ কৰি বৰাই প্ৰয়োজন হ’লে গুলী খাবলৈ সাজু বুলিও উল্লেখ কৰে। ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনত দুয়োজন নেতাই এক সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে কেনেধৰণে কংগ্ৰেছ প্ৰাৰ্থীসকলক আতিশয্য চলাইছে তাৰ তথ্য দাঙি ধৰি আৰক্ষী সঞ্চালক প্ৰধানৰ নিষ্ক্ৰিয়তাক সমালোচনা কৰে। আৰক্ষী সঞ্চালক প্ৰধানজনে অভিযোগ গ্ৰহণ কৰি ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ সহাৰি নিদিয়াৰ বাবে আজি সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ যাত্ৰা আৰম্ভ কৰে। আৰক্ষী বিষয়া অখিলেশ কুমাৰ সিঙে কংগ্ৰেছ দলে দাখিল কৰা অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে সঠিক তদন্ত কৰাৰ লগতে এই সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰিব বুলিও জানিবলৈ দিয়ে। আৰক্ষীৰ লগত চলা প্ৰচণ্ড ঠেলা-হেচাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছৰ ৮জন প্ৰতিনিধি ক্ৰমে সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, উপ-সভানেত্ৰী বালিকা লাহন পেগু, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইন, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আৰক্ষী বিষয়াক সাক্ষাৎ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ সুৰক্ষা দাবী কৰাৰ লগতে মুক্ত আৰু নিকা পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰক্ষীক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment