অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী আৰম্ভ


নিউজ ডেক্স,১৮ এপ্ৰিল : "শৰৎ চন্দ্ৰ গোস্বামী নথকা হ'লে অসম সাহিত্য সভাৰ গজালি নহ'লহেতেন, সেই অসম সাহিত্য সভাই বটবৃক্ষৰ ৰূপলৈ আজি প্ৰাণশক্তি লাভৰ বাবে ৰাইজৰ মাজলৈ আহিছে। অসম সাহিত্য সভাই কি কৰিব নোৱাৰে, ইচ্ছা কৰিলে অসমৰ ৰাইজৰ সহযোগত সকলো কামেই সম্ভৱ।" - নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আজি অসম সাহিত্য সভাৰ মন জুৰুৱা আৰু সেতুবন্ধ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ সংখ্যা বৃদ্ধি কৰি সাংগঠনিক ভাৱে সভাখনক শক্তিশালী কৰা দায়িত্ব অসমৰ ৰাইজ, শাখা আৰু জিলা সাহিত্য সভাসমূহৰ। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে অসম সাহিত্য সভাৰ ধ্বজা চিৰ দিনৰ বাবে উৰুৱাই ৰাখিবলৈ সাহিত্য, ভাষা, সংস্কৃতিৰ উত্তৰণৰ লগতে সাংগঠনিকভাৱেও সভ্য আৰু শাখা সাহিত্য সভাৰ বৃদ্ধিৰে সকলো অসমীয়াই অংশীদাৰিত্ব গ্ৰহণ কৰিব লাগিব । ইফালে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰি কয় যে অসম সাহিত্য সভা শক্তিশালী হ'লেহে অসমীয়া জাতি শক্তিশালী হ'ব। জাতিক অস্থিৰ কৰাসকলক আমি চিনাক্ত কৰি সংশোধন কৰাৰ ব্যৱস্থা ল'ব লাগিব। তেওঁ লগতে দোহাৰে যে অসম সাহিত্য সভাৰ দায়িত্ব ল'বলৈ সংগঠক-কৰ্মীৰ অভাৱ নাই, মাত্ৰ আমি তেওঁলোকক শৃংখলিত পদ্ধতিৰে সভাৰ সেৱাৰ বাবে আগুৱাই আনিব লাগিব। নলবাৰী জিলাৰ সুভদ্ৰা চৌধুৰী ভৱনত জিলা সাহিত্য সভাৰ সভাপতিৰ বীৰেন চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মা, অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, সচিব অশোক সেনাপতি, স্থায়ী বিত্তীয় পূজিৰ আহ্বায়ক গোবিন্দ কলিতা, শৰৎ চন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ড০ ৰবীন দাস, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, সদৌ অসম কৰ্মচাৰী সন্থাৰ সম্পাদক পংকজ বৰ্মন, নলবাৰী জিলা সাহিত্য সভাৰ উপসভাপতি সমৰ তালুকদাৰ, প্ৰাক্তন জিলা সভাপতি বিপিন কলিতা,  জিলা সম্পাদক নৰেশ্বৰ কলিতা, সহকাৰী সম্পাদক শ্বাহ আলম, লেখক পংকজ গোবিন্দ মেধি, প্ৰমুখ্যে জিলা, শাখা সাহিত্য সভাৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপসমিতিৰ আহ্বায়ক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা সভাখনত অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকক বিভিন্ন দল-সংগঠন-ব্যক্তি বিশেষে ব্যাপক সম্বৰ্ধনা জ্ঞাপন কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে। উল্লেখ্য যে আজি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰা অসম সাহিত্য সভাৰ তৃতীয় পৰ্বৰ সেতুবন্ধ কাৰ্যসূচীৰ শুভাৰম্ভ হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment