গুৱাহাটী,১৮ এপ্ৰিল : গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে আজি প্ৰদেশ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। 'ঘোষণা পত্ৰ' নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰাম্যঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ ব্যৱস্থা কৰি প্ৰকৃত গ্ৰাম্য স্বৰাজ গঢ়াৰ বাস্তৱিক কেতবোৰ আঁচনি অন্তৰ্ভুক্ত কৰা এই ইস্তাহাৰখন গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি মুকলি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ কয়, "বিহু আমাৰ যেনেদৰে জাতীয় উৎসৱ, গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচন হ’ল গণতন্ত্ৰৰ উৎসৱ। এই উৎসৱ আজি অসমৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ দিয়া নাই। নদুৱাৰ সমষ্টিত বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছমুক্ত নদুৱাৰ বুলি কৈ ৰাইজৰ ভোটাধিকাৰ নোহোৱা কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। নগাঁও, মৰিগাঁও, গহপুৰ, লখিমপুৰ, ধেমাজি, নলবাৰীকে ধৰি বৰাক-ব্ৰহ্মপুত্ৰৰ বহু এলেকাত পঞ্চায়ত প্ৰাৰ্থীক ভয়-ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাই বিজেপি দল আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ অংশ গ্ৰহণত হেঙাৰ সৃষ্টি কৰিছে। এই ধিক্কাৰজনক ঘটনাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে নিশ্চয় দিব। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব।"
ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, "কংগ্ৰেছৰ দিনত পঞ্চায়তত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া বিজেপি চৰকাৰে বন্ধ কৰি মাত্ৰ ৩খন আঁচনিহে চলাই ৰাখিছে। গাঁৱৰ মানুহক বিজেপিয়ে ক্ষমতা নিদিয়ে আৰু সেইবাবে তেওঁলোকে এক দেশ এক নিৰ্বাচন বিচাৰে। কংগ্ৰেছে পূৰ্বতে ঘোষণা কৰা সকলো আঁচনি পুনৰ আৰম্ভ কৰিব।" ইস্তাহাৰ প্ৰস্তুত সমিতিৰ অধ্যক্ষ হিচাপে প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু সদস্য হিচাপে বেদব্ৰত বৰা, প্ৰফুল্ল কুমাৰ দাস, অৰূপজ্যোতি ভূঞা মুকলি অনুষ্ঠানত উপস্থিত থাকে। একেদৰে জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, দীপ বায়নকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত আছিল।
উল্লেখ্য যে আজি মুকলি কৰা কংগ্ৰেছৰ ইস্তাহাৰত জব কাৰ্ডৰ অধিকাৰীক ন্যুনতম এশ দিনৰ কৰ্মনিশ্চিতি আৰু মজুৰি বৃদ্ধি, পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, পি এম এ ৱাইৰ অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সেইদৰে সময়মতে পুঁজি মুকলি কৰা, গ্ৰামাঞ্চলত প্ৰেম-ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা, স্বজন তোষণ নাইকিয়া কৰা, অৰুণোদয়ত চলি থকা দুৰ্নীতি নিৰ্মূল কৰা, প্ৰকৃতাৰ্থত মহিলা সবলীকৰণ, পঞ্চায়ত প্ৰতিনিধিৰ মাহিলি পাৰিতোষিক নিশ্চিতকৰণ, পঞ্চায়তৰ সকলো খালী পদ পূৰণ আৰু অস্থায়ী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, আঁচনিৰ প্ৰলোভনেৰে মাতৃ সমাজক কৰা অপমান ৰোধ কৰি মহিলাসকলৰ সন্মান অটুত ৰখা, জলজীৱন আঁচনিক পুনৰুজ্জীৱিতকৰ, গ্ৰামাঞ্চলত বৃদ্ধি পোৱা অসামাজিক কাৰ্য ৰোধৰ বাবে সজাগতা গোট গঠন কৰাকে ধৰি গ্ৰামাঞ্চলৰ একাধিক সমস্যাক গুৰুত্ব দিয়া হৈছে।

0 Comments:
Post a Comment