অসমলৈ আহিব প্ৰধানমন্ত্রী মোদী : দিল্লীত সাক্ষাৎ কৰি নিমন্ত্রণ জনালে মুখ্যমন্ত্রীয়ে


গুৱাহাটী,১৯ এপ্ৰিল : শনিবাৰে দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ড৹ ভূপেন হাজৰিকাৰ জন্ম-জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণিৰ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক নিমন্ত্রণ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ বছৰজোৰা জন্ম-জয়ন্তী পালন অনুষ্ঠানলৈ আহিব বুলি নিশ্চিতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কয়, "সুধাকণ্ঠৰ জন্ম-জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোডৰ লগতে মঙলদৈ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে।” মুখ্যমন্ত্রীয়ে লগতে কয়, "ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা উদযাপনৰ উদ্বোধনী অনুষ্ঠানত তেওঁক মুখ্য অতিথি হিচাপে অসমলৈ নিমন্ত্ৰণ কৰাৰ গৌৰৱ লাভ কৰিলো। লগতে ৩০০ কে টি পি এ বাঁহক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি ৪৯ কে টি পি এ ইথানল উৎপাদন ক্ষমতাৰে অসম বায়’-ইথানল প্লাণ্ট উদ্বোধনৰ বাবে তেওঁৰ সদয় উপস্থিতিৰ বাবে অনুৰোধ জনালো।" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰি কয়, “ইয়াৰ উপৰিও ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং মেডিকেল কলেজ আৰু হাস্পতাল - দুটা প্ৰধান আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈও অনুৰোধ জনালো।" 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বছৰৰ ৮ ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ শোভা বঢ়াবলৈ সন্মত হৈছে। অৰ্থাৎ ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment