গুৱাহাটী,৩০ এপ্ৰিল : ভাৰতৰ প্ৰাকৃতিক ৰবৰৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰজেক্ট ইনৰোডৰ অধীনত ইনৰোড দক্ষতা আৰু উৎপাদন সক্ষমতা প্ৰসাৰণ পদক্ষেপ অৰ্থাৎ ‘আইস্পীড' শীৰ্ষক এক নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে। আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত ইনৰোডৰ অধ্যক্ষ প্ৰবীণ ত্ৰিপাঠীৰ সৈতে আটমা অৰ্থাৎ টায়াৰ উৎপাদন উদ্যোগ সংস্থাৰ অধ্যক্ষ অৰুণ মামমেনে এই কথা ঘোষণা কৰে। উল্লেখ্য যে ১৪৫ কোটি টকাৰ আইস্পীড পদক্ষেপ হৈছে সমগ্ৰ উত্তৰ-পূব আৰু পশ্চিম বংগৰ ২ লাখৰো অধিক ক্ষুদ্ৰ কৃষক, ৰবৰ খেতিয়ক আৰু উদ্যোগ পাম সমূহৰ মালিক সকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান, আধুনিক আন্তঃগাঁথনি সৃষ্টি আৰু গুণগত মান উন্নত কৰি প্ৰত্যক্ষভাৱে উপকৃত কৰাৰ পাঁচ বছৰীয়া এক প্ৰকল্প। আটমাৰ অধ্যক্ষ অৰুণ মামমেনে কয় যে “ আইস্পীডৰ জৰিয়তে আমি ভাৰতৰ ৰবৰ খেতিয়কসকলৰ জ্ঞান আৰু সামৰ্থ্যত বিনিয়োগ কৰিছো।“ ভাৰতীয় টায়াৰ উদ্যোগে এনে এটা আৰ্হিক সমৰ্থন কৰি গৌৰৱান্বিত যিয়ে ক্ষুদ্ৰ কৃষকসকলৰ বৈজ্ঞানিক জ্ঞান, বহনক্ষম পদ্ধতি আৰু আন্তঃগাঁথনিৰ ভাগ-বতৰা শক্তিশালী কৰে। ইয়াক প্ৰাকৃতিকভাবে ৰবৰ উৎপাদনৰ দিশত আত্মনিৰ্ভৰশীল হোৱাৰ এক পদক্ষেপ বুলিব পাৰি ।” ইনৰোড প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ খেতি যথেষ্ট বৃদ্ধি পাইছে । বিগত চাৰি বছৰত ১.৩৬ লাখৰো অধিক নতুন খেতিয়কে ৰবৰ খেতিত আত্মনিয়োগ কৰিছে। কিন্তু বৈজ্ঞানিক টেপিং কৌশল, গুণগত প্ৰক্ৰিয়াৰ আন্তঃগাঁথনি সৃষ্টি আৰু ৰোগ ব্যৱস্থাপনাৰ খুটি নাটিয়ে ইয়াৰ উৎপাদনত প্ৰভাৱ পেলাইছে।‘’
এই ব্যৱধানসমূহ সমাধান কৰিবলে, আইস্পীডে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অন্যতম হল উচ্চমানৰ শ্বীট উৎপাদনৰ বাবে ৩,০০০ টা ধোঁৱাঘৰ স্থাপন, মেনুৱেল আৰু মটৰচালিত ইউনিটকে ধৰি ৩,০০০ শ্বীট ৰোলিং মেচিন প্ৰদান আৰু সম্প্ৰদায়ভিত্তিক জ্ঞান হস্তান্তৰ কৰা কাৰ্য্যক সমৰ্থন কৰিবলৈ নেতৃত্ব দিব পৰা কৃষকৰ এটা নেটৱৰ্ক স্থাপন।
ইনৰোডৰ অধ্যক্ষ প্ৰবীণ ত্ৰিপাঠীয়ে কয় যে, “ইনৰোডে ভেটি স্থাপন কৰাৰ লগে লগে আইস্পীডে গতি আনিব। “আমি গ্ৰাম্য আন্তঃগাঁথনি আৰু দক্ষতা আৰ্হি নিৰ্মাণ কৰিছো , যিয়ে সামগ্ৰিক ভাৱে প্ৰকল্পটো শেষ হোৱালৈ খেতিয়কসকলৰ বহনক্ষম মূল্য সৃষ্টি কৰিবলৈ সক্ষম হব।”
প্ৰকল্পটো ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে আটমাৰ অধ্যক্ষই অলপতে আগৰতলা আৰু গুৱাহাটীত অঞ্চলটোৰ বাবে টেইলাৰ মেড আৰু স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰি সৃষ্টি কৰা কেইটামান ধোঁৱাঘৰ উদ্বোধন কৰি আনুষ্ঠানিকভাৱে এই পদক্ষেপ আৰম্ভ কৰে।
যিহেতু প্ৰকল্পটোৰ হিতাধিকাৰী সকলৰ অধিকাংশই এক একৰতকৈ কম মাটিৰ মালিক, গতিকে আন্তঃগাঁথনি সৃষ্টিৰ বাবে ইনৰোডে সামগ্ৰিক ভাৱে ৰবৰ খেতিৰ সৈতে জৰিত লোকসকলক উৎসাহিত কৰাত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰবৰ গছৰ পৰা নিপুণভাৱে টেপ কৰা গাখীৰৰ দৰে পদাৰ্থ লেটেক্স শুকুৱাই আৰু কুয়াৰ কৰি উচ্চমানৰ ৰবৰৰ চাদৰ উৎপাদনৰ বাবে ৰবৰৰ ধোঁৱাঘৰ অতি প্ৰয়োজনীয়। আইস্পীডৰ ইপ্সিত ফলাফল সমূহ হল ৰবৰ বাগিচাত উৎপাদনশীলতা বৃদ্ধি, ফাৰ্ম-গেট পৰ্যায়ত আৰ এছ এছ-৪ গ্ৰেডৰ ৰবৰৰ মান বৃদ্ধি, খেতিয়কসকলৰ বাবে উন্নত মূল্য আৰু উন্নত আয়, বহনক্ষম টেপিং, আন্তঃশস্য আৰু এফ্লুৱেণ্ট ব্যৱস্থাপনাৰ প্ৰসাৰ আৰু বিশ্বব্যাপী উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি প্ৰশিক্ষিত স্থানীয় কৰ্মশক্তিৰ গঠন।

0 Comments:
Post a Comment