দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন আৰু পথৰ নামকৰণ
গুৱাহাটী,১ মে' : নতুন দিল্লীৰ কৈলাস কলনীত আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে তেওঁৰ নামেৰে এটা পথৰ নামাকৰণ কৰা হয়। এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্রহণ কৰে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কয় যে এয়া বড়ো সমাজ তথা সামগ্রিকভাৱে জনজাতীয় লোকক উপযুক্ত স্বীকৃতি দিয়া নৰেন্দ্র মোদীৰ নেতৃত্বৰ দায়বদ্ধতাৰ প্রমাণ। ২০১৪ চনৰ পৰা ভাৰত চৰকাৰে বি টি আৰৰ অশান্ত অঞ্চলত শান্তি আৰু সমৃদ্ধি ঘূৰাই অনাৰ বাবে অজস্ৰ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলত ২০২০ চনত ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰে প্রতিদান স্বৰূপে বড়ো সমাজৰ বহুতে হিংসাৰ পথৰ পৰা উভতি অসমত বড়ো অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লৈছিল। ২০২০ চনৰ পৰা আজিলৈকে বড়ো চুক্তিত কৰা প্ৰতিশ্ৰুতিৰ প্ৰায় ৯৬ শতাংশ দিল্লী আৰু দিছপুৰৰ দ্বৈত ইঞ্জিন চৰকাৰে পূৰণ কৰিছে। আজি বডোফাৰ স্মৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজভাগত অমৰ কৰি ৰখাৰ প্রয়াস অনন্য। কিয়নো সমগ্ৰ দেশৰ মানুহে এতিয়া মহান বড়ো নেতাজনৰ সমৃদ্ধ অৱদানৰ বিষয়ে আৰু অধিক জানিবলৈ সক্ষম হ’ব। এই দিশত এখন পুস্তিকা উলিওৱাৰো পৰিকল্পনা কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্রীয়ে। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা উপস্থিত আছিল। উপস্থিত আছিল বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়ো।

0 Comments:
Post a Comment