পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰিবলৈ সকলোকে আহ্বান আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীৰ


গুৱাহাটী,২ এপ্রিল: অসমত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ প্রক্রিয়া সমাপ্ত হৈছে। এই সময়তে ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে গণতন্ত্ৰ ৰক্ষাৰ মূল ভেটি শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে সকলোকে ওলাই আহি দ্বিতীয় পর্যায়তো একেদৰে ভোটদান কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনায়। কাৰণ গ্রামাঞ্চলৰ উন্নয়নেই ৰাজ্যৰ প্ৰগতিৰ মান নির্ণয় কৰে। জাতিৰ পিতা মহাত্মা গান্ধীয়েও গাঁৱৰ ভগা পজাৰ দুখীয়া-নিচলাসকলৰ এশ-এবুৰি সমস্যাৰে জৰ্জৰিত আৰু অজ্ঞান আন্ধাৰত ডুব গৈ থকা গাঁওবাসীৰ সর্বাংগীন উন্নয়নৰ সপোন দেখিছিল যাৰ বাবে তেওঁ ৰচিছিল গ্রাম্য স্বৰাজ। এক প্রেছ বার্তাযোগে ডাঃ ভবেন চৌধুৰীয়ে অসমত এখন স্বচ্ছ, নিকা, স্বজন-তোষণহীন পঞ্চয়তীৰাজ ব্যৱস্থাৰ পোষকতা কৰি কয় যে ৰাজ্যখনৰ প্ৰায় আশী শতাংশ লোক বাস কৰ গাঁৱ এখনত চলি থকা দুর্নীতি, ভ্রষ্টাচাৰৰ বিৰুদ্ধে, জনবিৰোধী চৰকাৰৰখনৰ কাম কাজৰ বিৰুদ্ধে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। এইবাৰ নির্বাচনত বিজেপি দলে ভোটৰ ৰাইজক বিজেপিক ভোট নিদিলে সকলো চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন, য'ত বিজেপি দল পৰাজিত হয় সেই অঞ্চলটো সকলো চৰকাৰী সা-সুবিধা তথা উন্নয়নৰ পৰা বঞ্চিত হ'ব আদি বহু ভাবুকি দিয়া পৰিলক্ষিত হৈছে। সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ভুৱা নির্বাচনী প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সকলোকে থিয় হ'বলৈ আহ্বান জনায় কয় যে বিজেপি চৰকাৰে প্ৰতিশ্রুতি অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে, আবেদন কৰা লাখপতি বাইদেউসকলে টকা নাপালে, গছপুলি ৰুই মহিলাসকলে ১০,০০০ টকাকৈ নাপালে, টোলগেটৰ সংখ্যা বঢ়োৱা চৰকাৰখনে অসমৰ বাট-পথৰ অৱস্থা উন্নত নকৰিলে, বিজেপি চৰকাৰে যোৱা ১০ বছৰত অসমৰ জ্বলন্ত সমস্যা যেনে- বানপানীৰ সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা, ভয়াবহ নিৱনুৱা সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যা, গৰাহখহনীয়াৰ সমস্যা আদি কোনো সমস্যাৰ সমাধা কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অকল ঋণ লৈ চৰকাৰ চলাই অভিলেখ গঢ়িলে বুলি ডাঃ চৌধুৰীয়ে উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment