লখিমপুৰৰ ফুলবাৰীত পুৱতি নিশা স্কৰপিঅ’ৰ খুন্দাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক নিহত, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা


লখিমপুৰ,৩ মে’ : লখিমপুৰ জিলাৰ দলহাট আৰক্ষীচকীৰ অন্তৰ্গত ফুলবাৰীত ২মে'ৰ পুৱতি নিশা এখন স্কৰপিঅ' বাহনৰ খুন্দাত গাঁওৰক্ষী বাহিনীৰ এজন সম্পাদক নিহত হোৱা ঘটনাই সমগ্ৰ ফুলবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক নিশা সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত ৰহস্যৰ সৃষ্টি কৰিছে৷ ঘটনা সংক্ৰান্তত জানিব পৰা মতে ফুলবাৰী শান্তিপুৰ নিবাসী মনোজ হাজৰিকা নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনক এ আৰ ০১ টি ৮৪৪৫ নম্বৰৰ স্কৰপিঅ' বাহনখনে বৃহস্পতিবাৰে নিশা প্ৰায় ৩.৩০ বজাত সন্মুখৰ পৰা স্কুটি আৰোহী মনোজ হাজৰিকাক প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনৰ থিতাতে মৃত্যু হয়৷ এই ঘটনাত আন¸ এজন যুৱক আহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅ বাহনখনত আছিল  ৰাণা শইকীয়া ওৰফে টেজেন নামৰ এজন বিজেপিৰ পালিনেতাৰ ৷ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পুৱতি  নিশা ৩.৩০ বজাত  উক্ত গৰু চিন্দিকেটৰ লগত জৰিত বিজেপি পালি নেতা ৰানা ওৰফে টেজেনে এই ঘটনা কেনেকৈ সংঘটিত কৰিলে তাক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা অব্যাহত আছে৷ কৰ্তব্যৰত অৱস্থাত থকাৰ সময়ত গাওঁৰক্ষী বাহিনীৰ সম্পাদকজন কি পৰিস্থিতিত এনে দুৰ্ঘটনাত পতিত হল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে৷

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment