কটন বিশ্ববিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেশ্যনৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ


গুৱাহাটী,২২ মে’ : উত্তৰ-পূব ভাৰতত পৰিৱেশ সংৰক্ষণক আগুৱাই নিয়াৰ লক্ষ্যৰে কটন বিশ্ববিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেশ্যনৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে৷ এই চুক্তিৰ জড়িয়তে শৈক্ষিক আৰু পৰিৱেশগত অংশীদাৰিত্বৰ আৰম্ভণি কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতত পৰিৱেশ গৱেষণা, পৰিৱেশ পুনৰুদ্ধাৰ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কৌশলগত কাঠামো স্থাপন কৰিব৷ ১৯০১ চনত স্থাপিত তথা ২০১৭ ত বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা কটন বিশ্ববিদ্যালয় পূৱ ভাৰতৰ অন্যতম পুৰণি আৰু সন্মানীয় শিক্ষা প্ৰতিষ্ঠান হোৱাৰ উপৰিও শৈক্ষিক উৎকৰ্ষতা আৰু গৱেষণাৰ প্ৰতি দায়বদ্ধতাৰ বাবেও পৰিচিত৷ বালিপাৰা ফাউণ্ডেশ্যনৰ সৈতে এই অংশীদাৰিত্বই—সম্প্ৰদায়ভিত্তিক সংৰক্ষণ আৰু নেচাৰনমিক্সৰ কামৰ বাবে বিখ্যাত—অঞ্চলটোৰ জৰুৰী পৰিৱেশ আৰু আৰ্থ-সামাজিক প্ৰত্যাহ৩ানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ পৰিপূৰক বিশেষজ্ঞতাক একত্ৰিত কৰিছে৷ তদুপৰি এই বুজাবুজি চুক্তিৰ জৰিয়তে দুয়োপক্ষই যৌথ পৰিৱেশ গৱেষণা, বহনক্ষম ভূমি ব্যৱহাৰৰ পদ্ধতি, প্ৰদূষণ প্ৰশমন আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ এই সহযোগিতাই বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ উপৰিও স্থানীয় উদ্যোগীকৰণক সমৰ্থন আৰু সামৰ্থ গঠনৰ পদক্ষেপ চলাই সম্প্ৰদায় সবলীকৰণকো অগ্ৰাধিকাৰ দিব৷ চুক্তিখন সম্পৰ্কত কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড॰ নাৰায়ণ শৰ্মাই কয় ‘আজিৰ দিনটো আমাৰ বাবে উল্লেখযোগ্য৷ আজি বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস৷ প্ৰকৃতিৰ লগত সমন্বয় আৰু বহনক্ষম উন্নয়নৰ সৈতে জীয়াই থকাৰ ইংগিত দিয়া তথা পৰিৱেশ-প্ৰকৃতিৰ বিকাশত শিপাই থকা সহযোগিতাৰ লক্ষ্য স্থিৰ কৰা এই বুজাবুজি চুক্তিখন আজিৰ দিনটোতে স্বাক্ষৰ হোৱাটো এক সুখৰ খবৰ৷’ ইফালে, বালিপাৰা ফাউণ্ডেশ্যন, অসমৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে কয় কয় ‘ এয়া হৈছে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ দীৰ্ঘম্যাদী লক্ষ্য নিশ্চিত কৰাৰ পথ৷ আজিৰ যুৱক-যুৱতীসকলৰ আবেগ আৰু শক্তিৰে আমি এনে অভিলাষী পদক্ষেপৰ কল্পনা কৰিব পাৰো, যিয়ে জ্ঞান আৰু সাংস্কৃতিক আদান-প্ৰদানৰ পোষকতা কৰে৷’ উল্লেখ্য যে এই সহযোগিতাই কেৱল পৰিৱেশ পৰিচালনা আৰু শিক্ষাৰ প্ৰতি এক ভাগ-বতৰা দায়বদ্ধতাক আনুষ্ঠানিক কৰাই নহয়, উত্তৰ-পূব আৰু বৃহত্তৰ পূব হিমালয় অঞ্চলৰ বাবেও সহযোগিতামূলক উদ্ভাৱনৰ ভৱিষ্যতৰ সূচনা কৰিব৷


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment