আপ ত্যাগ কৰা পাৰিষদ মাছুমা বেগমে পৰিধান কৰিলে গেৰুৱা বসন
গুৱাহাটী,৬ মে' : অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আম আদমী পাৰ্টীৰ একমাত্র পাৰিষদ মাছুমা বেগমে। কিছুদিন পূৰ্বে আপ ত্যাগ কৰিছিল মাছুমা বেগমে। আজি বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে গুৱাহাটী পৌৰ নিগমৰ আম আদমী পাৰ্টিৰ ৪২ নং ৱাৰ্ডৰ পাৰিষদ মাছুমা বেগম আৰু অসম গণ পৰিষদৰ ১০ নং ৱাৰ্ডৰ পাৰিষদ কল্পনা দাসে বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতত দুয়োগৰাকী পাৰিষদে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। মাছুমা বেগমৰ যোগদানৰ পাছতে গুৱাহাটী পৌৰ নিগম বিৰোধী শূণ্য অৱস্থালৈ আহিল।


0 Comments:
Post a Comment