গুৱাহাটী,১ মে' : শাসকীয় দল বিজেপিৰ শিবিৰত বিশেষভাৱে চৰ্চাত আছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্রী-বিধায়ক তথা দলীয় নেতাসকলে প্ৰায় সময়তে গৌৰৱ গগৈক টাৰ্গেট কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগকলৈ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্রী প্ৰায়ে সৰৱ হৈ থকাৰ সমান্তৰালকৈ মন্ত্রী-বিধায়ক তথা শাসকীয় দলৰ নেতাসকলেও বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে। বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত গৌৰৱ গগৈ আৰু অধিক সমালোচনাৰ সন্মূখীন হ'বলগীয়া হৈছে। ইয়াৰ মাজতে আজি সামাজিক মাধ্যম যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক টাৰ্গেট কৰি ল'লে মন্ত্রী পীযুষ হাজৰিকাই। অৱশ্যে এইবাৰ গৌৰৱ গগৈৰ প্ৰতি পৰামৰ্শ আগবঢ়ালে মন্ত্রী পীযুষ হাজৰিকাই।
"মাননীয় সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া" বুলি সম্বোধন কৰি কৰি মন্ত্রী পীযুষ হাজৰিকাই কয়, "আজি এটা বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিব বিচাৰিছোঁ– পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ পৰা নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব। আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমখন সভাত মাত্ৰ ৫০০ লোকৰ উপস্থিতি দেখিবলৈ পালোঁ। মোৰ বিশ্লেষণ অনুসৰি, আগন্তুক দিনবোৰত আপোনাৰ সভাত উপস্থিত থাকিব পৰা লোকৰ আনুমানিক পৰিসংখ্যা আগবঢ়াইছোঁ, অলপ ইফাল-সিফাল হ'বও পাৰে।"
মন্ত্রী পীযুষ হাজৰিকাৰ বিশ্লেষণ অনুসৰি গৌৰৱ গগৈৰ সভাত ক'ত কিমান মানুহ হ'ব - "যোৰহাটত ৫০০, নগাঁওত ৫,০০০, বৰপেটাত ১০,০০০ আৰু ধুবুৰীত ৫০,০০০।"
এই বিশ্লেষণ আগবঢ়াই মন্ত্রী পীযুষ হাজৰিকাই কয়, "গতিকে ভৱিষ্যতৰ ৰাজনৈতিক সভাসমূহ ধুবুৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে সেই বিশেষ স্থানসমূহ সামৰি পৰিকল্পনা এটা কৰিব পাৰে। নিশ্চয় সুফল পাব বুলি আশা কৰিছোঁ। মোক ধন্যবাদ নিদিলেও হ'ব।"
লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত শনিবাৰে যোৰহাটত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। শনিবাৰে যোৰহাটত উপস্থিত হোৱাৰ পাছত ৰৰৈয়া বিমানবন্দৰত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক বৃহৎ সংখ্যক লোকে আদৰণি জনায়। গৌৰৱ গগৈয়ে ৰোড শ্ব'কে ধৰি কেইবাখনো আদৰণি সভাত অংশ গ্ৰহণ কৰে। আজি তেওঁৰ শিৱসাগৰৰ পৰা নগাঁৱলৈ ৰোড শ্ব’ৰ কাৰ্যসূচী আছে। কাইলৈ নগাঁৱৰ পৰা গুৱাহাটীলৈ তেওঁৰ ৰোড শ্ব’কে ধৰি কেইবাটাও কাৰ্যসূচী আছে। মঙলবাৰে তেওঁক গুৱাহাটীত বিপুল আদৰণি জনোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে।

0 Comments:
Post a Comment