গুৱাহাটী,১০ আগষ্টঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত একাধিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ আজি কেইবাখনো গুৰুত্বপূৰ্ণ সভা ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। বিটিআৰৰ পৰিষদৰ নিৰ্বাচনৰ বাবেও সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি ৰাজীৱ ভৱনত বিটিআৰৰ বাবে নিৰ্দিষ্ট কৰা পৰ্যবেক্ষকসকলৰ লগত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে প্ৰদেশ মহিলা কংগ্ৰেছৰ জিলাৰ সভানেত্ৰীসকলৰ লগত এখন বৈঠকত মিলিত হৈ মহিলা শক্তিক উজ্জীৱিত কৰিব পৰাকৈ জিলাসমূহত তৃণমূল পৰ্যায়লৈকে দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ অধ্যক্ষতাত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়। একেদৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বুথ সমিতিসমূহ শক্তিশালী কৰাৰ বাবে কেইগৰাকীমান প্ৰশিক্ষক নিযুক্তি দি সেই প্ৰশিক্ষকসকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা ৰিপুণ বৰাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত উদ্বোধনী ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আজিৰ প্ৰশিক্ষণত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষকসকলে নিজৰ নিজৰ জিলালৈ গৈ বুথ কৰ্মীসকলক প্ৰশিক্ষণ দিব। এইক্ষেত্ৰত সাংসদকেইগৰাকীৰ লগতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ আন নেতৃত্বয়ো জিলাসমূহত প্ৰশিক্ষণৰ তৎপৰতা আৰম্ভ কৰাৰ বাবে পৰামৰ্শ দিয়ে। শেহতীয়াকৈ নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ভোট চুৰি সন্দৰ্ভত যিবোৰ তথ্য প্ৰকাশ কৰিছে সেইসমূহ ৰাইজৰ ওচৰলৈ লৈ যাবলৈও গগৈয়ে পৰামৰ্শ আগবঢ়ায়। এই প্ৰশিক্ষণ শিবিৰত সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে। ৰাজ্যখনৰ ৩৫ খন জিলাৰ সম্পাদকসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰসকলৰ লগতে বিভিন্ন শাখা সংগঠনৰ অধ্যক্ষসকলকো এই প্ৰশিক্ষণৰ আওতালৈ অনা হয়। ইয়াৰ পূৰ্বে আজি দিনৰ ভাগত এন এছ ইউ আইৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি কৌশিক কাশ্যপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ বিশাল সমাৱেশত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সভাপতি বৰুণ চৌধুৰী, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ প্ৰায়সকল ৰাজ্যিক নেতা উপস্থিত থাকে। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই সভাখনত সাংসদ ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগ টানি আনি ইয়াৰ লগত কোন জড়িত আছিল সেই কথা ছাত্ৰ-ছাত্ৰীসকলে জনাটো ভাল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সভাত সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু গৰু চোৰৰ প্ৰসংগক লৈ বিজেপি চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সৰ্বত্ৰে জনমত গঢ়ি তুলিব লাগে বুলি কয়। গগৈয়ে চৰম দুৰ্নীতিৰ লগত জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰৰ কেইবাটাও উদাহৰণ দাঙি ধৰে। দিনটোত একেলেথাৰিয়ে কেইবাখনো সভা অনুষ্ঠিত কৰি সংসদীয় কাম-কাজৰ বাবে নিশাৰ ভাগত সাংসদ গৌৰৱ গগৈ নতুন দিল্লীলৈ ৰাওনা হয়।

0 Comments:
Post a Comment