অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ


গুৱাহাটী,৭ আগষ্ট : গুৱাহাটীৰ ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি লবলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে। শেহতীয়াকৈ উজনি অসমত মিঞা বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যি ভাৱে অৱনতি ঘটিছে সেই সমষ্ট ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে, দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সুত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাড়নাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে যিদৰে অসমীয়া যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যায়। এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হʼল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰাতো। কিন্তু আজি দেখা গৈছে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে। তেওঁ লগতে কয়, যদি কʼৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক। ইয়াৰোপৰি ৰাজ্যত সংঘটিত মʼব ভায়’লেন্সক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ দাবী কৰিলে ৰিপুণ বৰাই। সংবাদমেলত বৰাই কয় যে, অসম চুক্তিৰ আধাৰত ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে, এয়া কংগ্ৰেছ দলৰ আপোচ বিহীন স্থিতি, কিন্তু সন্দেহজনক শব্দ ৰে ভাৰতীয় লোকক হাৰাহাস্তি কৰা কাৰ্য সংবিধান বিৰোধী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে বুলিও মত প্ৰকাশ কৰি কয় যে, যি জন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কাʼ আইন জাপি দিব পাৰে তেওঁ কেনেকৈ অসম প্ৰেমী হʼব পাৰে? অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে, আপুনি অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰিছিল আৰু সেই আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল তাক আপোনালোকে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল! কিন্তু আজি কʼত গʼল সেই প্ৰতিশ্ৰুতি? আপুনি প্ৰকাশ কৰি থকাৰ দৰে যদি আপুনি অসম প্ৰেমীয়েই হʼয় তেন্তে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কৱচ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি নিজকে অসম প্ৰেমী বুলি প্ৰমাণ কৰি দেখুৱাওক। লগতে তেওঁ মত প্ৰকাশ কৰি কয় যে, এই বিজেপি চৰকাৰখনে নিজকে খিলঞ্জীয়া প্ৰেমী বুলি কয়, কিন্তু প্ৰকৃততে এই চৰকাৰখন খিলঞ্জীয়া বিৰোধী। এই চৰকাৰে আজি আমাৰ হাজাৰ-হাজাৰ বিঘা মাটি ৰামদেৱ,আদানি, আম্বানিৰ হাতত তুলি দিয়া কাৰ্যই প্ৰমাণ কৰে যে এই চৰকাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি খোৱা চৰকাৰ। সংবাদমেলত অসমৰ জাতীয় সংগঠনসমূহক অসমৰ সাতামপুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ আহ্বান জনায় বৰাই প্ৰকাশ কৰে যে, অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই। এই অসম ভূমি শঙ্কৰদেৱ-লাচিত আৰু আজান ফকীৰৰ দেশ। আমি সকলোৱে শান্তি বজাই ৰাখিব লাগিব। সংবাদমেলত, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত অসমৰ খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰিছে। এইখন চৰকাৰ কল্যাণকামী চৰকাৰ নহয় বুলি তেওঁ উল্লেখ কৰি নাগৰিকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা চৰকাৰখন শাসনত বৰ্তি থকাৰ অধিকাৰ নাই বুলি উল্লেখ কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ, মুখপাত্ৰ ৰিতম সিং উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment