গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা


গুৱাহাটী,১২ আগষ্ট : এইবাৰ ১৪ দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা ২০২৫। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ২০২৫ৰ অসম গ্রন্থমেলা । মঙলবাৰে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা সংবাদমেলযোগে এই কথা সদৰী কৰে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰি অহা ''অসম গ্ৰন্থমেলা'' এই বছৰ ৰাজ্যখনৰ মুঠ আঠটা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে । গুৱাহাটীৰ মূল গ্রন্থমেলাৰ উপৰিও অসমৰ আন ৭খন চহৰত আঞ্চলিক গ্রন্থমেলাৰূপে ''অসম গ্রন্থমেলা''' এইবেলি আয়োজন কৰা হ'ব। মঙলবাৰে অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। সংবাদমেলত বিভিন্ন চহৰত আয়োজন কৰিবলৈ লোৱা গ্রন্থমেলাসমূহৰ স্থান আৰু তাৰিখ পৰিষদৰ সচিব প্ৰমোদ কলিতাই ঘোষণা কৰে। তেওঁ ঘোষণা কৰা অনুসৰি গ্ৰন্থমেলা বঙাইগাঁৱত অনুষ্ঠিত হ'ব ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ, লখিমপুৰত অনুষ্ঠিত হ'ব ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ,

নলবাৰীত অনুষ্ঠিত হ'ব ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ, যোৰহাটত অনুষ্ঠিত হ'ব ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ, তিনিচুকীয়াত অনুষ্ঠিত হ'ব ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ,

শিলচৰত অনুষ্ঠিত হ'ব ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ, মঙলদৈত অনুষ্ঠিত হ'ব ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ, গুৱাহাটীত অনুষ্ঠিত হ'ব ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ।

প্ৰমোদ কলিতাই উল্লেখ কৰা মতে অসম চৰকাৰে 'গ্ৰন্থবর্ষ' উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ কিনাৰ বাবে প্ৰদান কৰিব বিচৰা ধনখিনি যাতে গ্রন্থমেলাসমূহত গ্রন্থ ক্ৰয়ৰ যোগেদি সদ ব্যৱহাৰ হয়, তাৰ প্রতি উদ্যোক্তাসকল সচেষ্ট হ'ব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment