সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত "ত্ৰিৰংগ সমলয়"


গুৱাহাটী,১৩ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি স্বাধীনতা সংগ্রামৰ বীৰ-বীৰাংগনালৈ শ্রদ্ধার্ঘ ৰূপত "ত্ৰিৰংগ সমলয়" শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে "ত্ৰিৰংগ সমলয়" অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকি কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ‘হৰ ঘৰ ত্ৰিৰংগা’ বা 'ঘৰে ঘৰে ত্ৰিৰংগ পতাকা' কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূচনা কৰা এই কাৰ্যসূচীয়ে ইতিমধ্যে দেশবাসীৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। দেশবাসীক আমাৰ জাতীয় পতাকাৰ সৈতে অধিক একাত্ম কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ ঘৰত জাতীয় পতাকা উৰুৱাই গৌৰৱবোধ কৰাৰ লগতে দেশৰ সমৃদ্ধিৰ যাত্ৰাত অংশগ্ৰহণৰো আনন্দ লাভ কৰে।  আমাৰ জাতীয় পতাকাক সন্মান জনোৱাৰ লগতে স্বাধীনতা সংগ্রামৰ বীৰ-বীৰাংগনাসকললৈ শ্রদ্ধা নিবেদন কৰাটো প্ৰতিগৰাকী ভাৰতীয়ৰে পৱিত্ৰ কৰ্তব্য বুলি তেওঁ লগতে উল্লেখ কৰে।  হৰ ঘৰ ত্ৰিৰংগা  কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি স্বাধীনতা সংগ্ৰামৰ বীৰ-বীৰাংগনালৈ শ্রদ্ধার্ঘৰূপে আয়োজন কৰা 'ত্ৰিৰংগ সমলয়' অনুষ্ঠানে সকলোকে দেশপ্রেমৰে উদ্বুদ্ধ কৰিব বুলিও তেওঁ মন্তব্য কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ প্রদান কৰা এই অনুষ্ঠানত মুক্তিযুঁজাৰু ভোলানাথ নগৰীয়া আৰু পুলক হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।অনুষ্ঠানত  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস প্ৰমুখ্যে ভালেসংখ্যক বিষয়া কৰ্মচাৰী আৰু গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment