গুৱাহাটী, ১৪ আগষ্ট : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোক সেৱা ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৃহস্পতিবাৰে সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। লোক সেৱা ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কেবিনেটৰ সিদ্ধান্ত সমূহৰ লগতে আন কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্রীৰ আয়ুষ্মান অসম যোজনা ৰূপায়ণ কৰাৰ বাবে বাজেটত ৫০০ কোটি টকা আছিল। ইয়াৰে ১৭৫ কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে। বাকী থকা ৩২৫ কোটি টকা ব্যয় কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ ২০২৫-২৬ বৰ্ষত মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা ৩২৫ কোটি টকা আবণ্টন কেবিনেটে অনুমোদন জনায়। অসমৰ শক্তিখণ্ডত বিনিয়োগৰ বাবে বিশেষকৈ শক্তিৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে কেবিনেটে ভাৰত চৰকাৰৰ শক্তি পলিচীৰ অধীনত ৫০০ মেগাৱাট শক্তি ২৫ বছৰৰ বাবে ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়ে। কেবিনেটে ৫০০ মেগাৱাট শক্তি প্ৰতি ইউনিট ৫.৭৯ টকা দৰত ক্ৰয় কৰিবলৈ অনুমোদন জনায়। ইয়াৰ দ্বাৰা শক্তিৰ নাটনি দূৰ হ'ব। কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা ৩.০ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে ৮টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনায়। কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নিৰ্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনষ্ট্রাকশ্যন (ৰেগুলেশ্যন) বাই ল’, ২০২২ সংশোধনীত অনুমোদন জনায়। এই সংশোধনীয়ে ক্ষুদ্ৰ ভূমিৰ ক্ষেত্ৰত টি অ' ডি নীতিৰ লাভালাভ প্রাপ্ত কৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰিব। কাৰ্বি আংলঙত ১৫০০ মেগাৱাট পাম্পড ষ্ট’জে প্ৰকল্পৰ বাবে কেবিনেটে অনুমোদন জনায়।
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মাছুল বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিষয়টো পৰীক্ষা কৰি আমি গম পাও যে ১০ হাজাৰ টকা ৰোগীৰ পৰা আগধন হিচাপে লোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল। সেই নিৰ্দেশটো বাতিল কৰাৰ বাবে বুধবাৰেই নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে তেওঁলোকে বাতিল কৰিছে। আনহাতে যি মাছুল বৃদ্ধি কৰা হৈছিল সেয়া কাৰ্ডৰ ৰোগীৰ ক্ষেত্রতহে বৃদ্ধি কৰা হৈছে। যাৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে, মেডিক্লেম আছে বা বীমা আছে, ক'ৰ্পৰেট খণ্ডৰ কাৰ্ড আছে সেই সকলৰ বাবেহে বৃদ্ধি কৰা হৈছে। সাধাৰণ ৰোগীৰ বাবে মাছুল বৃদ্ধি কৰা হোৱা নাই। সংবাদ মাধ্যমত ওলোৱা বাতৰি তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কাৰণ আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৯৮ শতাংশ ৰোগী কাৰ্ড লৈ আহে। তেওঁলোকে কোনো মাছুল দিব নালাগে। মাছুল বৃদ্ধি কৰাৰ পইচা অসম চৰকাৰ নাইবা ভাৰত চৰকাৰে দিব লাগিব। সাধাৰণ ৰোগীয়ে আগৰ দৰেই মাছুল দিব লাগিব। নতুন মাছুল দিব নালাগে। কাৰ্ড থকাসকলে নতুন মাছুল দিব লাগিব। সেইটো চৰকাৰে বা বীমা কোম্পানীয়ে দিব।"
মিছন বসুন্ধৰা-৩ৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :
মিছন বসুন্ধাৰ-৩ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আয় কৰে। গতিকে তেওঁলোকৰ পৰা চৰকাৰে ল'ব। কিন্তু গাঁৱৰ স্কুল, সত্র, নামঘৰ, গীৰ্জা আদিৰ ক্ষেত্রত মিছন বসুন্ধৰাত প্ৰতিবিঘাত ৫০০ টকা প্ৰিমিয়াম লোৱা হ'ব। আঢ়ৈ লাখ টকাকৈ ল'ব বুলি মনুহক ভয় খোৱাই দিয়া হৈছে। প্ৰফিট মেকিং অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সম্পূৰ্ণ মাচুল লোৱা হ'ব। গাঁৱৰ ২৪২৮০টা নামঘৰ, স্কুল-কলেজক ভূমিৰ আৱণ্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ ক্ষেত্রত ৫০ হাজাৰ টকা প্ৰিমিয়াম দিয়াৰ ব্যৱস্থা কৰা হৈছে।"
আই আই এম গুৱাহাটীৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :
কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) স্থাপনৰ বিধেয়কত অনুমোদন জনোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "এইখন উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন আই আই এম হ'ব আৰু দেশৰ ২২ সংখ্যক হ'ব। আই আই এম গুৱাহাটীৰ স্থায়ী চৌহদ পলাশবাৰীত হ'ব আৰু সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আই আই এম আহমদাবাদে মেণ্টৰিং কৰিব। ইয়াৰ অস্থায়ী চৌহদত এই বছৰৰ পৰাই ক্লাছ আৰম্ভ হ'ব। অসম চৰকাৰে অস্থায়ী চৌহদ প্ৰদান কৰিব। সংসদত বিধেয়ক অনুমোদিত হোৱাৰ লগে লগে আই আই এম গুৱাহাটী প্ৰতিষ্ঠাৰ বাট মুকলি হ'ব। নতুন আই আই এমৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ মেনেজমেণ্ট শিক্ষাৰ দীৰ্ঘদিনীয়া ব্যৱধান পূৰণ কৰিব, দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক উচ্চমানৰ কাৰ্যসূচী আৰু গৱেষণাৰ সুযোগ প্ৰদান কৰিব। মেঘালয়ৰ পাছত অসমে লাভ কৰিলে আই আই এম।"

0 Comments:
Post a Comment