১৯ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ নিপন গোস্বামী অভিনীত শেষৰখন ছবি ‘শ্বহীদ প্ৰণামো তোমাক’

 

গুৱাহাটী,১৬ ছেপ্টেম্বৰ : আগন্তুক ২০ ছেপ্টেম্বৰৰ স্বহীদ কনকলতা বৰুৱা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী অসমীয়া নাৰী স্বহীদগৰাকীক শ্ৰদ্ধা জনাই এ এম টেলিভিচনৰ বেনাৰত নিৰ্মাণ কৰা ‘শ্বহীদ প্ৰণামো তোমাক’ অসমীয়া চলচ্চিত্ৰখনি অহা ১৯ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি প্ৰযোজনাগোষ্ঠীটোৰ হৈ প্ৰযোজক লোকনাথ ডেকাই কয় যে এ এম টেলিভিছনে অসমীয়া চলচ্চিত্ৰ জগতত অভিলেখসংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। এই চলচ্চিত্ৰসমূহৰ মাজত বহু বাণিজ্যিক ছবিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য বহন কৰা সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি দর্শকক আকৃষ্ট কৰিবলৈ সদায় চেষ্টা কৰিছে। 'স্বহীদ প্ৰণামো তোমাক' চলচ্চিত্ৰখনিৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম নাৰী স্বহীদ ১৭ বছৰীয়া কনকলতা বৰুৱাৰ দেশপ্ৰেম আৰু ত্যাগৰ কাহিনী উপস্থাপন কৰাৰ চেষ্টা কৰিছে। চলচ্চিত্ৰখনিৰ জৰিয়তে কেৱল চূড়ান্ত বিপ্লৱী ভাবধাৰাইযে সকলো সমস্যা সমাধান কৰিব নোৱাৰে, আৰু হিংসাত্মক বিপ্লৱে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে তাকে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। উল্লেখ্য যে সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলখনিত উপস্থিত থাকি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক তথা ছবিখনিৰ কাহিনী, চিত্ৰনাট্য, সংলাপ ৰচনা কৰা চন্দ্ৰ মুদৈয়ে ‘স্বহীদ প্ৰণামো তোমাক’ৰ কাহিনী সম্পৰ্কে কয় যে ছবিখনিৰ কাহিনী এগৰাকী অসমীয়া বিপ্লৱী কিশোৰীৰ৷ অসমক ভাৰতৰ পৰা মুক্ত কৰাৰ স্বপ্নত উদ্বাউল হৈ তেওঁ নিজৰ সমবয়সীসকলৰ সৈতে উগ্ৰপন্থাৰ পথত আগবাঢ়ে৷ কিন্তু তেওঁৰ এই বিভ্ৰম ভাঙি পৰে যেতিয়া তেওঁ মুখামুখি হয় ভাৰতৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ অমৰ সাহসিকতাৰ সৈতে৷ কৈশোৰ বয়সতে কনকলতাই ভাৰতৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া জীৱনগাঁথাই তেওঁৰ চকু খুলি দিয়ে৷ এই বৈশাদৃশ্যৰ মাজেৰে তেওঁ উপলব্ধি কৰে স্বাধীনতাৰ প্ৰকৃত অৰ্থ, ত্যাগৰ মহিমা আৰু নিজৰ জাতীয় পৰিচয়৷ মংগলবাৰে আয়োজন কৰা সংবাদমেলখনিত উপস্থিত থাকি ছবিখনিৰ সংগীত পৰিচালকদ্বয় ডাঃ হীতেশ বৰুৱা, অজয় ফুকন, অভিনয় শিল্পী উৰ্মিলা মহন্ত, দেৱাশীষ বৰঠাকুৰ, কনকলতা বৰুৱাৰ ভতিজাক অভিজিত বৰুৱা, কনকলতা বৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ যাদৱ চলিহা আদিয়ে সাৰুৱা ভাষণ প্ৰদান কৰে। উল্লেখ্য যে এ এম টেলিভিচনৰ বেনাৰত ড॰ সঞ্জীৱ নাৰায়ণ আৰু লোকনাথ ডেকাই প্ৰযোজনা কৰিছে বাণিজ্যিক তথা দেশপ্ৰেমমূলক ছবিখনি৷ ছবিখনিৰ কাৰ্যবাহী প্ৰযোজক ডাঃ হিতেশ বৰুৱা আৰু জামাল আহমেদ ৰাও৷ প্ৰযোজনা নিয়ন্ত্ৰক খৰ্গেশ্বৰ বৰা, জিৎ শৰ্মা আৰু কমলেশ শইকীয়া৷ মুখ্য সহকাৰী পৰিচালক দীপক ৰয় আৰু সহকাৰী পৰিচালক স্বপ্নজিৎ বৰকাকতি৷ সংগীত পৰিচালনা কৰিছে ডাঃ হিতেশ বৰুৱা, অজয় ফুকন আৰু তপন কাকতিয়ে৷ আৱহ সংগীত কৰিছে মনিষ দাস আৰু নীলোৎপলে৷ ছবিখনিত সন্বিৱিষ্ট গীতসমূহত কণ্ঠ নিগৰাইছে ক্ৰমে– সীমান্ত শেখৰ, পদ্মনাভ বৰদলৈ, অজয় ফুকন, প্ৰাঞ্জল পৰশ, ৰিচি, প্ৰণামিকা গোস্বামী, প্ৰিয়ংকা ভৰালী, বন্দিতা দাস, মাধুৰী গগৈ আৰু ঋষিয়ে৷ গীতকাৰ–পৰিচালক চন্দ্ৰ মুদৈ৷ শব্দগ্ৰহণকাৰী পলাশ গগৈ আৰু উদ্দীপ্ত৷ শব্দসজ্জা তথা অতিৰিক্ত শব্দ নিয়ন্ত্ৰক হেঙুল মেধি আৰু যতীন শৰ্মা৷ কলা নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্য্য৷ সাজসজ্জা ৰোজি বৰা আৰু ভাগ্যৰ৷ ৰূপসজ্জা বিশ্বজিৎ দাস আৰু ধন ডেকাৰ৷ নৃত্য নিৰ্দেশনা কৰিছে জিনি মহলীয়া আৰু সমীৰ বুঢ়াগোহাইয়ে৷ ছবিখনি সম্পাদনা কৰিছে শ্যামল দাস আৰু ৰিতুৰঞ্জন হাতীমুৰীয়াই৷ ভিএফএক্স কৰিছে ৰঞ্জন বৰ্মা, অভিজিৎ আৰু সিদ্ধাৰ্থই৷ উল্লেখ্য, ৰূপালী পৰ্দাত শেষবাৰলৈ ‘শ্বহীদ প্ৰণামো তোমাক’ ছবিখনিৰ জৰিয়তে দেখিবলৈ পোৱা যাব নিপন গোস্বামীক৷ তেওঁৰ জীৱিত কালতে কেবাবছৰৰ পূৰ্বে দৃশ্যগ্ৰহণ কৰা হৈছিল ছবিখনি৷ অসমৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰা ছবিখনিৰ দৃশ্যগ্ৰহণকাৰী নৱ কুমাৰ দাস৷ প্ৰয়াত নিপন গোস্বামীৰ লগতে ছবিখনিত অভিনয় কৰিছে ক্ৰমে– উৰ্মিলা মহন্ত, দেৱাশিস বৰঠাকুৰ, ৰীণা বৰা, জুৰি শৰ্মা, মণিমালা বৰুৱা, ডাঃ তপন শৰ্মা, যতীন খনিকৰ, ৰ'দালি বৰা, দ্বীপজ্যোতি কেওট, দীপক ৰয়, অশ্ৰুমণি বৰা, পাপৰি বৰা, গৰিমা কাশ্যপ, লোকেশ্বৰ ৰাভা, প্ৰদীপ দুৱৰা, দিলীপ ৰাভা, স্বপ্নজিৎ বৰকাকতি, প্ৰশান্ত দাস, নীলু শৰ্মা, হেমচৰণ কলিতা, কৰ্ণ ৰাভা, অমূল্য কলিতা, ৰীণা মেধি আৰু পুষ্প মিছঙে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment