উত্তেজনামূলক এ আই ভিডিঅ’ প্ৰচাৰ কৰা বিজেপিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ দিছপুৰ থানাত গোচৰ


গুৱাহাটী,১৮ ছেপ্টেম্বৰঃ বিজেপিৰ সামাজিক মাধ্যম আৰু অন্যান্য প্ৰচাৰ মাধ্যমে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা কেতবোৰ ভিডিঅ’ এ আইৰ যোগেৰে প্ৰস্তুত কৰি কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক হেয় প্ৰতিপন্ন কৰাৰ বাবে অপচেষ্টা চলাইছিল আৰু ইয়াৰ বিৰুদ্ধে আজি প্ৰদেশ কংগ্ৰেছে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। ১২ ছেপ্টেম্বৰ আৰু ১৫ ছেপ্টেম্বৰৰ দুটা ভিডিঅ’ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু সাংসদ গৌৰৱ গগৈৰ ফটো সংযোগ কৰি সংখ্যালঘু লোকসকলক অসমৰ বোজাস্বৰূপে দেখুৱাই সামাজিক মাধ্যমত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰিছিল। এই দুষ্কাৰ্যই সমগ্ৰ ৰাজ্যখনত সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰাৰ আশংকা কৰি প্ৰদেশ কংগ্ৰেছে আজি দিছপুৰ থানাত মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ স্বাক্ষৰত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ লগে লগে দিনৰ ১১.৩০ বজাত আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়লৈ অসম প্ৰদেশ কংগ্ৰেছৰ এটা সজাতী দল যাই আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন শৰ্মাক সাক্ষাৎ কৰি ভাৰতীয় জনটা পাৰ্টীৰ নেতিবাচক অপপ্ৰচাৰৰ বিৰুদ্ধে অভিযোগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈৰ নেতৃত্বত যোৱা এটা সজাতী দলে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক লিখিত অভিযোগ দাখিল কৰি কয় যে বিটিআৰত অসম প্ৰদেশ কংগ্ৰেছে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা কৰে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টী আৰু তেওঁলোকৰ প্ৰচাৰ তন্ত্ৰই সাম্প্ৰদায়িক ভেদভাৱ বিয়পোৱাৰ উদ্দেশ্যে অপপ্ৰচাৰ চলাই কংগ্ৰেছ দলৰ বিৰুদ্ধে নিৰ্বাচনী ৰণ জিকাৰ কূট কৌশল কৰিছে। বিজেপিৰ ছ’চিয়েল মিডিয়াৰ অফিচিয়েল হেণ্ডেল আৰু টুইটাৰত থকা সাম্প্ৰদায়িক পোষ্টসমূহ ডিলিট কৰিবলৈ আয়োগৰ যোগেদি কংগ্ৰেছে দাবী জনাই আৰু বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা বুলি নিৰ্বাচনী আয়ুক্তই জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ দলৰ হৈ সাধাৰণ সম্পাদক বিপুল গগৈয়ে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীক কয় যে ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে ভাতৃত্ববোধ বিনষ্ট হ’ব পৰা কেতবোৰ অপকৰ্ম কৰি আহিছে। যাৰ দ্বাৰা ভাৰতীয় গণতন্ত্ৰ বিপদাপন্ন হোৱাৰ আশংকা আছে। গগৈৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোপাল শৰ্মা, মিডিয়া বিভাগৰ বেদব্ৰত বৰা, সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস, সম-অধ্যক্ষ প্ৰতীক বৰদলৈ, মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাস, সম্বিত শৰ্মা উপস্থিত থাকে। ইয়াৰ পূৰ্বে দিছপুৰ থানাত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ আৰু ছ’চিয়েল মিডিয়া বিভাগৰ বহুসংখ্যক নেতা-কৰ্মীয়ে এজাহাৰ দাখিল কৰিবলৈ গৈ বিজেপি দলৰ এই নিকৃষ্ট কৰ্মক নিন্দা কৰে আৰু ভৱিষ্যতে নীচ কামত এআইক জড়িত নকৰিবলৈ সকীয়াই দিয়ে। গোচৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই সাংবাদিকক সম্বোধন কৰি কয় যে বিজেপিয়ে ক্ষমতা দখলৰ বাবে যিকোনো পৰ্যায়লৈকে নিকৃষ্ট কাম কৰিব পাৰে। ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজ সচেতন হ’ব লাগে। ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানক সুৰক্ষিত কৰিবৰ বাবে মহাত্মা গান্ধীৰ অহিংস নীতিক সাৰোগত কৰি কংগ্ৰেছ দলে সদায় কাম কৰি যাব। বিজেপিৰ এই নিকৃষ্ট কাম-কাজ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব লাগে বুলি বৰাই উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment