সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী


গুৱাহাটী,১৩ ছেপ্টেম্বৰ : ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ বিশেষ অনুষ্ঠান আজি গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। মিজোৰাম আৰু মণিপুৰৰ ভ্ৰমণ সামৰি আজি বিয়লি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে খানাপাৰৰ খেলপথাৰত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। আজি বিয়লি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্রী মোদীক বিপুল আদৰণি আৰু সম্ভাষণ জনোৱা হয়। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে পোনে পোনে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে অসম চৰকাৰে খানাপাৰাত আয়োজন কৰা বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মূল অনুষ্ঠানত অংশ গ্রহণ কৰে। ভাষণত প্ৰধানমন্ত্রীয়ে কয়, "সুধাকণ্ঠ ভূপেন হাজৰিকা আমাৰ মাজত নাই যদিও তেখেতৰ গীতৰ স্বৰ আজিও ভাৰতৰ বিকাশৰ যাত্রাৰ সাক্ষী হৈ আছে আৰু উৰ্জা দি আছে। ভূপেন দাই ওৰেটো জীৱন সংগীতৰ সেৱা কৰিলে। তেখেতৰ সংগীতৰ সাধনাই আমাক স্পৰ্শ কৰিলে আৰু সংকল্পই সমাজক নতুন দিশৰ সন্ধান দিলে। সেই বাবেই তেখেতৰ গীত মোৰ বাবে বিশেষ।" ভাষণৰ আৰম্ভনীতে প্ৰধানমন্ত্রীয়ে 'ভূপেন দা অমৰ ৰহে' শ্ল'গান দি ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত উল্লেখ কৰি তাৰ অন্তৰালত থকা ভাৱৰ কথা সদৰি কৰে। প্ৰধানমন্ত্রীয়ে কয়, "আজিৰ এই পবিত্র অনুষ্ঠানটোত উপস্থিত থকাটো মোৰ বাবে সৌভাগ্যৰ কথা। ভূপেন হাজৰিকাই গীতত মা ভাৰতীৰ প্ৰতি প্ৰেম আছিল। তেখেতে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা লৈ জীৱন অতিবাহিত কৰিছিল। ব্ৰক্ষ্মপুত্রৰ সোঁতে গতি দিয়া ভূপেন দাক গংগাই প্ৰৱাহ দিছিল। তেখেতে মানুহে মানুহৰ বাবে নাভিবিলে কোনে ভাবিব সেই কথা গীতৰ মাজেৰে কৈছিল। এই চিন্তাই কিমান প্ৰেৰণা দিয়ে। এই বিচাৰ লৈ আমি আগুৱাই যাব লাগিব।" প্ৰধানমন্ত্রীয়ে লগতে কয়, "পূৰ্বোত্তৰক বাদ দি মহান ভাৰতৰ কল্পনা কৰিব নোৱাৰো। অসমৰ ইতিহাস উদযাপন কৰিলেহে ভাৰতৰ ইতিহাস সম্পূৰ্ণ হয়। আমাৰ চৰকাৰে বিগত ১১ বছৰত বিকাশৰ লগতে কালচাৰেল কানেকটিভিটিক গুৰুত্ব দি আহিছে। সাংস্কৃতি দিশত অসম অভূতপূৰ্ব আৰু অনন্য। সেই দিন দূৰ নাই যেতিয়া ভাৰতৰ শিশুৱে পঢ়িব 'এ' ফ'ৰ 'আসাম' বুলি। অসমৰ গামোচাৰ ব্ৰণ্ডিং মই নিজেই কৰো। আমি সকলোৱে স্বদেশী বস্তু বিক্ৰী কৰা আৰু ক্ৰয় কৰাৰ সংকল্প ল'ব লাগিব। তেতিয়াহে আমি ভূপেন দাৰ নতুন ভাৰত গঢ়িব পাৰিম। তেখেতে নতুন ভাৰতৰ কল্পনা কৰিছিল। ভূপেন দাৰ সেই সপোন আজি ভাৰতৰ সংকল্প।" ভাষণৰ শেষত প্ৰধানমন্ত্রীয়ে অনুষ্ঠানত উপস্থিত সকলোকে মোবাইলৰ লাইট জ্বলাই ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্রীৰ আহ্বানৰ লগে লগে মোবাইলৰ লাইটত মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠানটো। অনুষ্ঠানৰ আৰম্ভনীতে প্ৰধানমন্ত্রীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্রীক মুগাৰ গামোচা, শৰাই আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। বৰ্ণাঢ্য অনুষ্ঠানটোত ৰাজ্যৰ ১২০০ৰো অধিক শিল্পীয়ে ১৮ মিনিট ধৰি সুধাকণ্ঠৰ ১৪ টা কালজয়ী গীতৰ কলিৰে প্ৰস্তুত কৰা এটি সুমধুৰ অনুষ্ঠান পৰিৱেশন কৰে। এই গীতটোত জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে বিভিন্ন বয়সৰ শিল্পীয়ে অংশ গ্ৰহণ কৰে। সুধাকণ্ঠৰ কালজয়ী গীতেৰে প্ৰস্তুত কৰা অনুষ্ঠানটোৰে জীপাল হৈ পৰে সমগ্ৰ খানাপাৰা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰধানমন্ত্রীয়ে ভূপেন হাজৰিকাৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা গ্ৰন্থখন দেশৰ ২১ ভাষালৈ অনুবাদ কৰা হৈছে। প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি অনুবাদ গ্ৰন্থকেইখন উন্মোচন কৰে। আনহাতে অনুষ্ঠানত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ সন্মানাৰ্থে তেখেতৰ প্ৰতিচ্ছবিৰ সৈতে প্ৰস্তুত কৰা ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্ৰা প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। লোকে লোকাৰণ্য হৈ পৰা অনুষ্ঠানটোত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্র প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, মন্ত্রী বিমল বড়া, সাংসদ বিজুলী কলিতা মেধি, ভূপেন হাজৰিকাৰ পুত্র তেজ হাজৰিকা, ভাতৃ সমৰ হাজৰিকা আৰু ভগ্নী কবিতা বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment