দিল্লীত দুটাকৈ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ ড° দিব্যজ্যোতি শইকীয়াৰ


নতুন দিল্লী,২৪ ছেপ্টেম্বৰ : অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানৱাধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক আজি দুটাকৈ  ৰাষ্ট্রীয় বঁটাৰে সম্মানিত কৰা হয়। দুটা দশকৰো অধিক কাল দেশ, সমাজ, শান্তি আৰু মানৱতাৰ বাবে নিৰন্তৰ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে দুটা বঁটাৰে ড° শইকীয়াক সন্মানিত কৰা হয়। দিল্লীৰ কনষ্টিটিউচন ক্লাব অৱ ইণ্ডিয়াত দেশৰ আগশাৰীৰ  সাংবাদিক সংগঠন "নিউজ পেপাৰ এছ'চিয়েচন অফ ইণ্ডিয়া"ই আজি বিয়লি ড° শইকীয়াক শ্ৰেষ্ঠ মানৱতা তথা শান্তিকৰ্মী শিতানত গ্লবেল ষ্ট্ৰেটেজি এণ্ড লিডাৰশ্বিপ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। আনহাতে নিশা ভাৰতী যুৱ কল্যাণ সংস্থাৰ উদ্যোগত আৰু দ্য ভাৰত নিউজৰ সহযোগত শ্ৰেষ্ঠ মানৱতা তথা সমাজ সংস্কাৰক শিতানত ড° শইকীয়াক প্ৰদান কৰে ২০২৫ বৰ্ষৰ বীৰ সাৱৰকাৰ ৰাষ্ট্ৰীয় বঁটা। উল্লেখ্য যে ড° দিব্যজ্যোতি শইকীয়াই অন্ধবিশ্বাস আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰি আহিছে। এনেধৰণৰ উল্লেখযোগ্য সেৱাৰ বাবে ড° দিব্যজ্যোতি শইকীয়াক ১৮০ ৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment