অভিলেখ সৃষ্টি কৰি বিটিচি দখল কৰিলে হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে


গুৱাহাটী,২৭ ছেপ্টেম্বৰ : বি টি চিৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভেৰে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভেৰে একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে বি পি এফে। আনফালে এই নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলে। পূৰ্বে বিটিচিত চৰকাৰ গঠন কৰা দলটোৱে এইবাৰৰ নিৰ্বাচনত মাত্ৰ ৭খন আসনতে সীমাৱদ্ধ হৈ থাকিব লগীয়া হয়। এইবাৰৰ নিৰ্বাচনত খাটাই খুলিব নোৱাৰিলে কংগ্ৰেছে। ৪০টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ পিছতো কোনো এটা সমষ্টিতেই জয় লাভ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। বিজেপিৰো আসন কমিল পূৰ্বৰ নিৰ্বাচনতকৈ। বিজেপিয়ে এইবাৰ লাভ কৰিলে ৫খন আসন। এনেকৈয়ে এতিয়া বড়োভূমিত সকলো ধুলিসাৎ কৰি বি টি চি দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে মহিলাৰীয়ে দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছি যদিও এটা সমষ্টিতহে বিজয় সাব্যস্ত কৰে। হাগ্ৰামাই দেৱাৰগাওঁ সমষ্টিত খাম্ফা বসুমতাৰীক পৰাস্ত কৰে যদিও আনটো সমষ্টি চিৰাং দুৱাৰত খাম্ফাৰ হাতত পৰাজয় বৰণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment