নিউ মাংগালোৰ বন্দৰৰ সোণালী জয়ন্তী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল


নিউজ ডেক্স,১৩ নৱেম্বৰ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত যোগদান কৰে। এই অনুষ্ঠানত ১,৫০০ কোটি টকাৰ ব্যয়সাপেক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ১৬টা মূল আন্তঃগাঁথনিমূলক প্রকল্প আৰু ১১৩টা চিএছআৰ পদক্ষেপৰ শুভ উদ্বোধন কৰে, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ভাষণত সোণোৱালে কয়, "এই অনুষ্ঠানে বন্দৰটোৰ অসাধাৰণ যাত্ৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বন্দৰ নেতৃত্বাধীন পৰিৱৰ্তনক উজ্জ্বল কৰি তুলিছে৷ ভাৰতৰ বন্দৰ প্ৰযুক্তিগতভাৱে উন্নত আৰু বিশ্ব পৰ্যায়ত প্ৰতিযোগিতামূলক সামুদ্রিক হাবলৈ ৰূপান্তৰিত হৈছে৷ এই সোণালী জয়ন্তী কেৱল এটা বন্দৰ প্ৰতিষ্ঠানৰ উৎসৱ নহয়, ই এক দূৰদৰ্শী দৃষ্টিভংগী উদযাপনৰ উৎসৱ।"

তেওঁ লগতে কয়, "প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক ঐতিহ্য আৰু অত্যাধুনিক পদক্ষেপবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আৰু ই দেশখনক সামুদ্রিক উদ্ভাৱন, সমৃদ্ধি আৰু ভৱিষ্যতৰ বিশ্বজনীন নেতৃত্বৰ দিশে আত্মবিশ্বাসেৰে আগুৱাই নিছে।” মুম্বাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ত ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবে ১২ লাখ কোটি টকাৰো অধিক বুজাবুজিৰ চুক্তি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ভিতৰত নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণৰ দ্বাৰা ৫২,০০০ কোটি টকাৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সৰ্বানন্দ সোণোৱালে নৱনিৰ্মিত মাংগালোৰ মেৰিন কলেজ এণ্ড টেকন'লজি (এমএমচিটি)ৰ চৌহদৰ শুভ উদ্বোধন কৰে আৰু ভাৰতে অনাগত দিনবোৰত বিশ্বৰ শীৰ্ষ তিনিখন সামুদ্রিক দেশৰ ভিতৰত অন্যতম হোৱাৰ যাত্ৰাত এই প্রতিষ্ঠানে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সৃষ্টি কৰিব বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণৰ দ্বাৰা আবণ্টিত ভূমিত ৯.৫১ কোটি টকা ব্যয়েৰে নিৰ্মিত মাংগালোৰ মাৰ্কেন্টাইল মেৰিন বিভাগ (এমএমডি)ৰ নতুন কাৰ্যালয় ভৱনো উদ্বোধন কৰে৷ এই সুবিধাই কৰ্ণাটক আৰু চুবুৰীয়া ৰাজ্যৰ নাৱিকসকলৰ বাবে যোগ্যতা পৰীক্ষা সুচাৰুৰূপে নিশ্চিত কৰিব, যাৰ ফলত নথিপত্ৰ আৰু প্ৰমাণপত্ৰৰ বাবে যাতায়াতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। সৰ্বানন্দ সোণোৱালে সামুদ্রিক শিক্ষাত মাংগালোৰ মেৰিন কলেজ এণ্ড টেকন'লজিৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু কয়, “এই বন্দৰে উন্নতমানৰ সামুদ্রিক পেছাদাৰী গঢ়ি তুলিছে আৰু স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ চেতনাক প্ৰতিফলিত কৰিছে।" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণে এতিয়া বাৰ্ষিকভাৱে ৪৬ মিলিয়ন টনৰো অধিক কাৰ্গ' পৰিচালনা কৰে। বন্দৰটোৱে ৭৪ মিলিয়ন টনৰ ব্যৱহাৰযোগ্য ক্ষমতাৰ সৈতে ২০৪৭ চনলৈ এই সংখ্যা ১০০ মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে এন এম পি এ ভাৰতৰ সৰ্ববৃহৎ কফি ৰপ্তানিকাৰক আৰু দ্বিতীয় সৰ্ববৃহৎ এলপিজি আমদানিকাৰক। বন্দৰটোৱে কৰ্ণাটক, কেৰালা আৰু তামিলনাডুৰ উদ্যোগসমূহৰ বাবে এটা গুৰুত্বপূৰ্ণ নেটৱৰ্ক হিচাপে কাম কৰে আৰু ক্রুজ পৰ্যটনত ইয়াৰ ক্ৰমবৰ্ধমান ভূমিকাই পর্যটন, আতিথ্য আৰু সৰু পৰিসৰৰ উদ্যোগৰ জৰিয়তে স্থানীয় অর্থনীতিক পুনৰুজ্জীৱিত কৰিছে। অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন, আধাৰশিলা স্থাপন কৰা মুঠ ১,৫০০ কোটি টকাৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত নির্মিত ১৫০ বিছনাযুক্ত বহুমুখী হাস্পতাল - যি হৈছে ভাৰতৰ প্ৰধান বন্দৰসমূহৰ ভিতৰত প্ৰথমখন এনে হাস্পতাল৷ হাস্পতালখনে বন্দৰ কৰ্মচাৰী আৰু ওচৰ-চুবুৰীয়া লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰিব, য'ত আয়ুষ্মান ভাৰতৰ অধীনত ক'ভাৰেজ অন্তর্ভুক্ত। সর্বানন্দ সোণোৱালে কয় যে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ অধীনত দেশৰ বন্দ্ৰসমূহক বিশ্ব পৰ্যায়ত প্ৰতিযোগিতামূলক, সেউজ পৰিৱৰ্তন আৰু উপকূলীয় উন্নয়নৰ বাবে আধুনিকীকৰণ কৰা হৈছে। সোণোৱালে কয়, "আমাৰ সামুদ্রিক খণ্ডৰ উন্নয়নৰ কাহিনী কেৱল জাহাজ আৰু কাৰ্গ'ৰ বিষয়ে নহয়, ই জনসাধাৰণৰ বিষয়েও- বিশেষকৈ আমাৰ মীনপালক, উদ্যোগী আৰু উপকূলীয় সম্প্ৰদায়সমূহক সামৰি লোৱা হৈছে। চৰকাৰী উদ্যোগ যেনে প্রধানমন্ত্রী মৎস্য সম্পদ যোজনা আৰু দীনদয়াল উপাধ্যায় গ্রামীণ কৌশল্য যোজনাই স্থানীয় যুৱক-যুৱতী, মহিলা আৰু নাৱিক পৰিয়ালসমূহক সশক্ত কৰাত সহায় কৰিছে।" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ৰ সফলতাৰ কথা উল্লেখ কৰে, য'ত ৮৮খন দেশ, বিভিন্ন দেশৰ ১১গৰাকী মন্ত্ৰী আৰু ১ লাখৰো অধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল। এই অনুষ্ঠানত ১২ লাখ কোটি টকাৰো অধিক বুজাবুজিৰ চুক্তি চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে ভাৰতৰ সামুদ্রিক খণ্ডক এক নতুন গতি দিছে। সোণোৱালে কয়, "ভাৰতে এতিয়া তৃতীয় সৰ্ববৃহৎ নাৱিকৰ দেশত পৰিণত হৈছে, বিশ্বৰ কৰ্মশক্তিৰ প্ৰায় ১৫% অৰিহণা যোগাইছে, ২০১৪ চনত ১.০৮ লাখৰ পৰা বৃদ্ধি হৈ আজি ৩.২ লাখৰো অধিক ভাৰতীয় নাৱিক কৰ্মক্ষেত্ৰত নিয়োজিত আছে। ২০৩০ চনলৈ বিশ্বৰ প্ৰতি পাঁচজন নাৱিকৰ ভিতৰত এজন ভাৰতীয় হ'ব৷" সোণোৱালে বিশ্বৰ সামুদ্রিক অংশীদাৰ সকলক ভাৰতীয় পতাকাৰ অধীনত জাহাজ পঞ্জীয়ন কৰিবলৈ, বন্দৰ আৰু জাহাজ নিৰ্মাণ কাৰখানাত বিনিয়োগ কৰিবলৈ, ভাৰতীয় কেডেটসকলৰ বাবে জাহাজ খণ্ডত প্ৰশিক্ষণ সম্প্ৰসাৰণ কৰিবলৈ আমন্ত্রণ জনায়। তেওঁ অভ্যন্তৰীণ জলপথেৰে কাৰ্গ' চলাচল ৭০০% বৃদ্ধি, উপকূলীয় জাহাজ পৰিচালনাত ২০০% বৃদ্ধি আৰু জাহাজৰ টাৰ্ণএৰাউণ্ড সময় চাৰি দিনৰ পৰা এদিনৰো কমলৈ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে৷ উক্ত দিশত ভাৰতে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীৰ দৰে আগশাৰীৰ দেশকো অতিক্ৰম কৰিছে। দেশৰ ক্রুজ পর্যটন প্রায় পাঁচগুণ সম্প্ৰসাৰিত হৈছে। কেন্দ্রীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, সাংসদ, অন্যান্য জনপ্রতিনিধি, উচ্চপদস্থ বিষয়াসকল আৰু গণ্য-মান্য ব্যক্তিসকল এই সময়ছোৱাত লগতে উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment