অসমত কংগ্ৰেছৰ 'নেশ্যনেল টেলেণ্ট হাণ্ট’ কাৰ্যসূচীৰ শুভাৰম্ভ


গুৱাহাটী,১৭ নৱেম্বৰঃ সমগ্ৰ দেশত বাক স্বাধীনতাক অধিক শক্তিশালী কৰিবৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা 'নেশ্যনেল টেলেণ্ট হাণ্ট’ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে অসমত শুভাৰম্ভ কৰা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম মুখপাত্ৰ তথা টেলেণ্ট হাণ্ট কাৰ্যসূচীৰ অসমৰ তত্বাৱধায়ক ড০ ৰাগিনী নায়কে আজি এক সংবাদমেলৰ যোগেদি গুৱাহাটীৰ ৰাজীৱ ভৱনত টেলেণ্ট হাণ্টৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ বিস্তাৰিতভাৱে উল্লেখ কৰে। দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সকলো প্ৰান্তৰ পৰা কথা কোৱাৰ অধিকাৰক গুৰুত্ব প্ৰদান কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছতে বাক স্বাধীনতাৰ বিষয়টোত প্ৰাধান্য দি সমগ্ৰ দেশতে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অসমত আজি শুভাৰম্ভ কৰা নেশ্যনেল টেলেণ্ট হাণ্টৰ এই কাৰ্যসূচী অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে বুলি ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে ঘোষণা কৰে। তেওঁ আৰু কয়, ''চিন্তা কৰাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰ,  আৰু প্ৰশ্ন কৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। এই সাংবিধানিক অধিকাৰৰ গুৰুত্ব যাতে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী লোকে উপলব্ধি কৰিব পাৰে তাৰ বাবে কংগ্ৰেছ দলে পদক্ষেপ হাতত লৈছে। এই অনুযায়ী আমৰ দলৰ দুৱাৰ সকলোৰে বাবে মুকলি কৰা হৈছে আৰু জনতাৰ সমস্যাসমূহ উত্থাপন কৰিব পৰা প্ৰতিভাৱানসকলক বিচাৰি উলিয়াবলৈ নেশ্যনেল টেলেণ্ট হাণ্ট কাৰ্যসূচী আৰম্ভ কৰা হৈছে।’’ উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখপাত্ৰ আৰু অন্যান্য প্ৰতিভাৰ সন্ধানৰ বাবে আজিৰে পৰা মুকলি হোৱা টেলেণ্ট হাণ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২ ডিচেম্বৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। ৩-৭ ডিচেম্বৰৰ ভিতৰত আবেদনসমূহ পৰীক্ষা কৰি ১০-১১ ডিচেম্বৰত আঞ্চলিক পৰ্যায়ত সাক্ষাৎকাৰ লোৱাৰ পিছত ১৫-১৭ ডিচেম্বৰৰ ভিতৰত ৰাজ্যিক পৰ্যায়ত টেলেণ্ট হাণ্টৰ বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। আজি পুৱা ১১.৩০ বজাত শুভাৰম্ভ কৰা এই টেলেণ্ট হাণ্ট কাৰ্যসূচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা ন’ডেল সমন্বয়ক হৰ্ষদ শৰ্মা, প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা, বিধায়ক বাতেন খন্দকাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, মিডিয়া বিভাগৰ অধ্যক্ষ তথা টেলেণ্ট হাণ্ট কাৰ্যসূচীৰ আহ্বায়ক বেদব্ৰত বৰা, সহযোগী আহ্বায়ক গোপাল শৰ্মা প্ৰমুখ্যে লোকসকল উপস্থিত থাকে। টেলেণ্ট হাণ্ট কাৰ্যসূচীৰ শুভাৰম্ভণিৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ ৰাগিনী নায়কে। এই সভাত সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ বিষয়ববীয়াসকলৰ লগতে জ্যেষ্ঠ মুখপাত্ৰ, মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment